ৰঙাপৰাঃ সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছক লৈ সৃষ্টি হোৱা আতংকৰ পৰা মুক্ত হ’ব পৰা নাই শোণিতপুৰ জিলাৰ ৰঙাপৰাও। আজি ৰঙাপৰা ৰেলৱে ষ্টেচনত পুৱা ৯ বজাত নামনিমুৱা ৰঙিয়া-ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ৰঙাপৰা ৰেলৱে ষ্টেশ্যন আহি পোৱাৰ পাছতে ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৰেলখনত অহা প্ৰতিগৰাকী যাত্ৰীক উত্তাপ নিৰীক্ষণ যন্ত্ৰৰে স্বাস্থ্য পৰীক্ষা কৰে।
চিকিৎসক পৰীক্ষণ দলত ৰেলৱে চিকিৎসালয়ৰ জেষ্ঠ্য ফাৰ্মাচিষ্ট ফাৰুক আহমেদ, নাৰ্চ ৰাজু চাহানি, ৰঙাপৰা ৰেলৱে ষ্টেচনৰ মুখ্য স্বাস্থ্য পৰীক্ষক বিদ্যুৎ পাঠক উপস্থিত আছিল। স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকৰ দলটোক সহযোগ কৰে ৰেল আৰক্ষীয়ে। চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদে জানিবলৈ দিয়ে যে অনাগত দিনত এনে ধৰণে স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ হৈ থাকিব। এজন ব্যক্তিৰ শৰীৰৰ উত্তাপ ৩৮ ডিগ্ৰী চেন্টিগ্ৰেডৰ ওপৰত হলেহে শংকিত হোৱাৰ কাৰণ আছে বুলি তেওঁ উল্লেখ কৰে। ৰঙাপৰাত বৰ্তমানলৈকে এজনো লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমক অৱগত কৰে।