গুৱাহাটীঃ আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ অসম ওৰফে পৰেশ বৰুৱা আৰু সভাপতি অভিজিত অসম ওৰফে ডাঃ মুকুল হাজৰিকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে নেশ্যনেল ইনভিষ্টিগ্যেশ্বন এজেঞ্চি নিয়াই৷
দেশৰ বিৰুদ্ধে বিদ্ৰোহ অৰ্থাৎ যুদ্ধ তথা দেশদ্ৰোহিতাৰ অভিযোগত আলফাৰ দুই শীৰ্ষ নেতাৰ বিৰুদ্ধে নিয়াই আজিনিয়াৰ গুৱাহাটীস্থিত আদালতত দাখিল কৰে এই অভিযোগনামা। উল্লেখ্য যে, লণ্ডনত বাস কৰা চিকিৎসক মুকুল হাজৰিকাকৰ অৱস্থিতি আৰু পদবীক লৈ নানা সন্দেহ ঘনীভূত হৈ থকাৰ উপৰি তেওঁক লৈ অলেখ কাহিনীৰ চৰ্চা অব্যাহত থকা সময়তে তেওঁৰ দেহৰক্ষী গগন হাজৰিকাৰ সহায়ত অনুসন্ধানকাৰী সংস্থাটোৱে মুকুল হাজৰিকাক চিনাক্ত কৰে।