ফিল’বাৰীঃ উজনি অসমৰ বিভিন্ন ঠাই ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰীয়ে ছানি ধৰাৰ খবৰ প্ৰকাশ হোৱাৰ মাজতে ফিল’বাৰীত আজি আৱকাৰী বিভাগৰ অভিযানত জালত পৰে মহিলাসহ দুজন কানি ব্যৱসায়ী৷
এচাম অসাধু লোকে উজনিৰ কেইবাখনো জিলাত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপন হৈ অহাৰ মাজতে ফিল’বাৰীত আৱকাৰী বিভাগৰ অভিযানত মহিলা সহ আটক হয় কানি ব্যৱসায়ী।