গুৱাহাটীঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বানৰ কবলত পৰি ককবকাই থকা লোকসকলক সাহায্য প্ৰদানত ৰাজ্য চৰকাৰৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দল-সংগঠনে তথা সচেতন নাগৰিকে ক্ষোভ প্ৰকাশ কৰাৰ লগতে বানত ককবকাই থকা লোকসকলে সাহায্য বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে৷
বানত লঘোণে-ভোকে থকা লোকৰ ৰোষত পৰিব লগা হৈছে মন্ত্ৰী-বিধায়ক৷ বানাক্ৰান্তই হাতত ত্ৰিশূল লৈ ৰাজনেতাক খেদাৰ লগতে হাতত কাঁহী-বাতি লৈ অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে৷ ৰাজ্যৰ দল-সংগঠন, ছাত্ৰ সমাজ তথা বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে বানৰ কবলত পৰি হাহাকাৰ কৰা লোকসকলক সাধ্য অনুযায়ী সহায়-সহযোগ কৰিছে৷