ডিজিটেল ৰিপ'ৰ্টঃ যোৱা ৪ জুলাইত দৃশ্যগ্ৰহণ সম্পূৰ্ণ হয় বছৰটোৰ এখন বিগ বাজেটৰ তাৰকাৰে ভৰপূৰ অসমীয়া ছবি "নিজানৰ গান"ৰ। সেইদিনা কেম্প ফায়াৰ আয়োজন কৰি এক বিশাল অনুষ্ঠানৰ দ্বাৰা ছবিখনৰ শেষৰ দৃশ্যটোৰ শ্বুটিং সম্পূৰ্ণ কৰে।  

এতিয়া ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম যেনে ডাবিং, সম্পাদনা, আৱহ সংগীত, ডি আই, চেন্সৰ আদি আৰম্ভ কৰিব। ছবিখন নৱেম্বৰত মুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ছবিখন পৰিচালনা কৰিছে জোন জ্বলে কপালত', 'মাঁ তুমি অনন্যা', 'প্ৰিয়া মিলন', 'জোনাক বিহীন জীৱন', 'জীৱন নদীৰ দুটি পাৰ', 'অন্তহীন যাত্ৰা' আদিৰ দৰে জনপ্ৰিয় ছবি উপহাৰ দি অহা জনপ্ৰিয় আৰু প্ৰতিভাশালী পৰিচালক মুন্না আহমেদে। 'এ আৰ ইন্টাৰনেচনেল' বেনাৰত ছবিখন প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছে সংস্কৃতিৱান ব্যৱসায়ী উদ্যমী যুৱক হাইদৰ আলম আজাদ। 

ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে স্বনামধন্য পৰিচালক মুনিন বৰুৱাই। ছবিখন চৰ্চিত হোৱা বহুকেইটা কাৰণ আছে যদিও ছবিখনৰ বৃহৎ  ষ্টাৰকাষ্টে ছবিখনৰ প্ৰতি দৰ্শকৰ বিশ্বাস দুগুণ কৰিছে।

ছবিখনত অভিনয় কৰিছে যতীন বৰা, আইমী বৰুৱা, অমৃতা গগৈ, অৰুন নাথ, অনন্যা পাচনি, বিকি, দেৱজিৎ মজুমদাৰ, নৱাগত জ'ন হক, অতুল পাচনি, ভগৱৎ প্ৰীতম, মিনু বনিয়া, সিদ্ধাৰ্থ মুখাৰ্জী, দীনেশ বিষয়া, নিলয় গুপ্তা, পাৰ্থ প্ৰতিম বৰুৱা, ৰুমী দত্ত, সঞ্জু দাস, মিন্টু আচলাম, মিংকু মনি নাথকে আদি কৰি ভালেকেইগৰাকী তাৰকাই। অতিথি শিল্পীৰূপে অভিনয় কৰিছে পদ্মৰাগ গোস্বামী আৰু ভ্ৰান্তি মেধিয়ে।

ছবিখনৰ কাহিনীৰ মূল বিষয়বস্তু সংগীত। এজন উদীয়মান সংগীত শিল্পী, গায়কৰ জীৱনৰ ঘাট-প্ৰতিঘাতক লৈয়ে কাহিনীভাগ আগবাঢ়ে। ছবিখনত সংগীত পৰিচালনা কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান যতীন শৰ্মাই(মাইনা)।

বৰ্তমান সময়ত ছবি এখন বক্স অফিচত ভাল আৰম্ভণি আৰু মুক্তিৰ আগতে প্ৰচাৰৰ বাবে গানবোৰ জনপ্ৰিয় হোৱাৰ খুবেই দৰকাৰ। সেয়েহে গীতবোৰত কন্ঠদান কৰিছে জুবিন গাৰ্গ, শ্ৰেয়া ঘোষাল, পাপন, নাহিদ, চেমিমা খাতুন আদিয়ে। ছবিখনৰ সংগীত খুবেই সুন্দৰ হৈছে বুলি জানিব পৰা গৈছে।

আৱহ সংগীত ভগবৎ প্ৰীতম, ছবিখনত মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছে প্ৰতিভাশালী দীপক কুমাৰ ৰয়ে। চিনেমেট'গ্ৰাফী প্ৰদীপ দৈমাৰীৰ, সহকাৰী পৰিচালক হিচাপে আছে আমিন আহমেদ, পৰেশ শইকীয়া, বিতোপন মহন্ত। মেক আপ দিছে ভাস্কৰ দত্তই, কৰিঅগ্ৰাফাৰ জিনি মহলীয়া আৰু উদয় শংকৰ।

প্ৰযোজনা ডিজাইন কৰিছে ফিজা শ্বেইখ, ছবিখনৰ সম্পাদনা কৰিব সমুজ্জ্বল কাশ্যপে। কলা পৰিচালনা কৰিছে জ্যোতি শংকৰ ভট্ট, প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰা, সহকাৰী প্ৰযোজনা নিয়ন্ত্ৰক আব্দুল ৱাহেব আহমেদ আৰু চাহিদুল ইছলাম।

সহকাৰী কেমেৰা মেন হিচাপে আছে উপেন চন্দ্ৰ বড়ো, সহকাৰী মেক আপ আৰ্টিষ্ট নন্দন চৌধুৰী। দি আই কালাৰ কৰিব সুজিত বৰাই, স্থিৰ ফটোগ্ৰাফী কৰিছে পল্লৱ মহন্তই।

মুক্তিৰ পূৰ্বেই চৰ্চা লাভ কৰা ছবিখনক লৈ সকলো আশাবাদী। এই ছবিখনৰ পিছত মুন্না আহমেদে পৰৱৰ্তী ছবিৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।