নগাঁওঃ নিৰ্মল ভাৰত অভিযান শীৰ্ষক গুৰুত্বপূৰ্ণ আঁচনিখন নগাঁও জিলাত একপ্ৰকাৰে ভালুকৰ সাঙীত পৰিণত হৈছে ৷ কিয়নো, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে যদিও ইয়াৰ পূৰ্বে একে উদ্দেশ্যৰে ৰূপায়ণ কৰা সম্পূৰ্ণ অনাময় আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান আঁচনিকেইখন আজিলৈকে সঠিক ৰূপত কাৰ্যকৰী হোৱা নাই ৷

জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত সম্পূৰ্ণ অনাময় আঁচনিৰ অধীনত ইতিমধ্যে বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰি তোলা শৌচাগাৰ আৰু প্ৰস্বাৱগাৰবোৰৰ নিৰ্মাণ কাৰ্যত থকা আঁসোৱাহৰ বাবেই এইবোৰ বৰ্তমান জহি-খহি যাবলৈ ধৰাৰ লগতে অধিকাংশই ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷

অভিযোগ মতে, আঁচনিবোৰ নিৰ্মাণ কৰাৰ সময়ত সঠিকভাৱে বিভাগীয় দায়িত্ববাহী বিষয়াই পৰ্যবেক্ষণ নকৰি একমাত্ৰ মুনাফা আদায়েৰে নিজৰ পকেট গধুৰ কৰাৰ স্বাৰ্থত ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিত লিপ্ত থকাৰ বাবেই আঁচনিবোৰৰ অৱস্থা এনে শোচনীয় পৰ্যায়লৈ গতি কৰিছে ৷

ঠিক সেইদৰে নগাঁও সদৰৰ পৰা কিছু নিলগতে থকা বহু অঞ্চলৰ ৰাইজে আকৌ লক্ষণীয়ভাৱে আজিৰ অত্যাধুনিক যুগতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত পানীযোগান আঁচনিৰ জৰিয়তে এটুপি বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আনহাতে,ৰাজ্যৰ বিয়াগোম বিভাগটোয়ে কোটি কোটি টকা ব্যয়ৰে জিলাখনৰ অতি দুৰ্গম তথা ভিতৰুৱা অঞ্চলত গঞা ৰাইজৰ সুবিধাৰ্থে উক্ত আঁচনিৰ যোগেৰে খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছে যদিও অধিকাংশই আজিকোপতি কাৰ্যক্ষম নোহোৱাৰ বিপৰীতে কিছুসংখ্যক আকৌ অৰ্ধনিৰ্মিত অৱস্থাতে ৰাখি দুৰ্নীতিপৰায়ণ এচাম বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে আঁচনিৰ সম্পূৰ্ণ ধনৰাশি কৌশলেৰে মোকলাই নিজৰ জেপ গৰম কৰাতহে আত্মনিয়োগ কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে ৷

তদুপৰি জিলাখনৰ অৰ্ধশতাধিক খোৱাপানী যোগান আঁচনি পৰিত্যক্ত অৱস্থাত হাবি-জংঘলৰ মাজত অনাদৃতভাৱে পৰি আছে যদিও সেইবোৰ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে ন্যূনতম গুৰুত্ব প্ৰদান নকৰি সদায় আওকণীয়া মনোভাৱহে প্ৰদৰ্শন কৰি আহিছে ৷

ইফালে, জিলাখনত এতিয়াও ৫০ শতাংশ লোকেই অনাময় সম্পৰ্কে সচেতন নহয় ৷ এনে পৰিপ্ৰেক্ষিতত জনগণৰ সুবিধাৰ্থে পৰ্যাপ্ত কাৰ্য ব্যৱস্থা হাতত ল’বলৈ বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছে সচেতন লোকসকলে।