গুৱাহাটীঃ টকা দি জালিয়াতিৰে APSCৰ চাকৰি লোৱা নিশামণিয়ে অৱশেষত অত্মসমৰ্পণ কৰিলে৷ আৰক্ষীৰ পৰা হাত সাৰি থাকিবলৈ অপ্ৰাণ চেষ্টা কৰি তথা জামিন বিছাৰি হায়ৰাণ হৈ অৱশেষত আত্মসমৰ্পণ কৰিলে ACS নিশামণি ডেকাই৷ এমাহ ১১ দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা ACS নিশামণি ডেকাই মঙলবাৰে কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ কৰে৷
যোৱা ৮ নৱেম্বৰৰ পুৱাৰে পৰা আত্মগোপন কৰি আছিল নিশামণিয়ে৷ নিশামণিৰ তিনিমহিয়া সন্তান আছিল৷ যাৰ বাবে আৰক্ষীক ধৰা দিয়া তথা আদালতত আত্মসমৰ্পণ কৰা নাছিল বুলি জানিব পৰা যায়৷ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত জামিন আবেদন নাকচ কৰাৰ পিছতেই আৰক্ষীৰ পৰা হাত সাৰি থকাৰ সকলো পথ বন্ধ হৈ পৰাত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়৷ নিশামণিক আৰক্ষীয়ে বিশেষ আদালতত হাজিৰ কৰাই তদন্তৰ বাবে ন্যায়িক জিম্মাত বিছাৰিব যদিও আত্মসমৰ্পণৰ সময়ত কোলাত কেচুৱা লৈ আহে।