newsnextone.com | তামুলপুৰঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত মঙলবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত হয়। বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি অধীৰ আৰ্য্যই সংবাদ মেলখন সম্বোধি কয় যে বাক্সা জিলাৰ এনআৰচি সেৱা কেন্দ্ৰ সমূহত যথেষ্ট পৰিমাণে বিসংগতি দেখা গৈছে।
এনআৰচিৰ লগত জড়িত একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু ভুলৰ বাবেই উদ্ভৱ হৈছে বিসংগতিৰ। যাৰ ফল ভোগ কৰিব লগা হৈছে বহু প্ৰকৃত ভাৰতীয় নাগৰিকে।বাক্সা জিলাৰ বাঙালী জনগোষ্ঠীৰ লোকসকলৰ উপযুক্ত আৰু বৈধ নথি পত্ৰ থকাৰ পিছতো এনআৰচিৰ দ্বিতীয় খচৰাত বাক্সা জিলাত বহু বাঙালী লোকৰ নাম বাদ পৰিছে। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা বাদ পৰা কাৰ্য্য কেতিয়াও সহ্য কৰা নহ’ব বুলি অধীৰ আৰ্য্যই হুংকাৰ দিয়ে।