দুলীয়াজানঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সমন্বয়, ভাতৃত্ব বোধ অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মেগা ফেষ্টিভেল৷ অহা ১৬-২৮ জানুৱাৰীলৈ নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮ দুলীয়াজানবাসীয়ে অনুষ্ঠিত কৰিব।
দুলীয়াজানৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰামধেনু’ৰ উদ্যোগত টিপলিঙৰ সমীপৰ বৰুৱা তিনিআলিত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮৷ ৰামধেনুৰ সম্পাদক প্ৰণৱ বড়াই দুলীয়াজনৰ সকলো প্ৰকাৰৰ লোক মিলিত হৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে৷