বেংগালুৰুঃ মহাকাশৰ বিচিত্ৰ পৰিঘটনাৰাজি নিৰীক্ষণ কৰিবৰ বাবে ভাৰতে ছমাহ পৰ্বে জম্মু আৰু কাশ্মীৰল লাডাখৰ হানলে নামৰ স্থানত স্থাপন কৰা হৈছে GROWTH-India নামৰ দূৰবীক্ষণ যন্ত্ৰটো৷ এই দূৰবীক্ষণ যন্ত্ৰই প্ৰথমবাৰৰ বাবে দূৰ মহাকাশত সংঘটিত এক ‘ন’ভা বিস্ফোৰণ’ প্ৰত্যক্ষ কৰে৷
‘ন’ভা’ হৈছে মহাকাশৰ বগা বাওনা তৰাৰ উপৰিভাগত সৃষ্টি হোৱা ভয়াবহ বিস্ফোৰণ যাৰ বাবে নক্ষত্ৰটোৰ উজ্জ্বলতা অস্থায়ীভাৱে বৃদ্ধি পায়৷ অৱশ্যে ছুপাৰন’ভাত এনে বিস্ফোৰণৰ পাছত তৰাটো ধ্বংস হোৱাৰ বিপৰীতে ‘ন’ভা’ৰ বিস্ফোৰণৰ পাছত তৰাটো পুনৰ আগৰ অৱস্থা লাভ কৰে৷