গুৱাহাটীঃ কংগ্ৰেছৰ দিনতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰ ৰাজ্যত আৰম্ভ হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহল৷ একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷ কিয়নো বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীব্ৰ সমালোচনা কৰা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, বৃস্পতিবাৰে NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কিয়নো NRCৰ খছৰা প্ৰকাশৰ দিন আছিল ৩১ ডিচেম্বৰ৷ ইতিমধ্যে বিভিন্ন দল-সংগঠনে উৎসুক হৈ পৰিছিল NRCৰ খচৰাক লৈ৷