newsnextone.com | গুৱাহাটীঃ মাজত মাথো কেইটামান ঘণ্টা। অসমীয়া জাতিয়ে ৰাজপথত কঁপালৰ ঘাম পেলোৱাৰ বিনিময়ত লাভ কৰিবলগীয়া আৱেগৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব ৩০ জুলাইৰ পুৱা ৯ বাজি ৪৫ মিনিটত। অসমীয়াই উদগ্ৰীৱ হৈ মাথো ৰৈছে ৩০ জুলাইৰ পুৱালৈ। এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত। বিদেশীয়ে অসমৰ সমাজ জীৱনত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছিল।
অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল।