Home গুৱাহাটীপুৱা ১০ বজাত অনলাইন যোগে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল এনআৰচিৰ সম্পূৰ্ণ খচৰা

পুৱা ১০ বজাত অনলাইন যোগে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল এনআৰচিৰ সম্পূৰ্ণ খচৰা

by News Desk
56 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ পুৱা ১০ বজাত মুকলি কৰা হ’ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৩ কোটি ২৯ লাখ লোকে আৱেদন কৰা এনআৰচিৰ খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে। এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নি ৱিষ্ট হোৱা নাই।

১০ বাজি ১০ মিনিটত এখন সংবাদ মেলত এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবাঞ্চলৰ দায়িত্বত থকা সচিব সত্যেন্দ্ৰ গাৰ্গে সংবাদ মেল সম্বোধন কৰি এনআৰচিৰ খচৰা মুকলি কৰে। জাতীয় সংগীতেৰে সংবাদমেলৰ শুভ আৰম্ভ কৰি অসমৰ ৰাইজৰ বাবে মুকলি কৰে এনআৰচি চূড়ান্ত খচৰা৷ ইপিনে যিকোনো পৰিস্থিৰি সৈতে মোকাবিলৈ কৰিবলৈ ৰাজ্যৰ প্ৰশাসন সাজু হোৱা দেখা যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0