newsnextone.com | গুৱাহাটীঃ অহা ৩০ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব লাগিব এনআৰচিৰ চূড়ান্ত খচৰা৷ এই ৰায় দিলে দেশৰ শীৰ্ষ আদালতে৷ সোমবাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাই দিয়া সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে এই ৰায় প্ৰদান কৰে৷
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ বেঞ্চে এই ৰায় প্ৰদান কৰি ৩১ জুলাইত পুনৰ শুনানি অনুষ্ঠিত কৰাৰ বাবে দিন ধাৰ্য কৰে৷ ৩০ জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ নিশ্চিত কৰি দেশৰ শীৰ্ষ আদালতত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই দিন পিছুৱাই দিবলৈ আৰ্জি জনাইছিল৷ নতুন দিন ঘোষণা সন্দৰ্ভত আদালতে ২ জুলাইৰ দিন ধাৰ্য কৰে শুনানিৰ বাবে৷