newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত কংগ্ৰেছ দলে বহু জল্পনা-কল্পনাৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হ’বলৈ ওলাইছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷

একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হৈ আহিছিল৷ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীক্ষ্ন নজৰ দিয়াৰ ফল স্বৰূপেহে অসমৰ ৰাইজে এখন শুদ্ধ নাগৰিক পঞ্জী লাভ কৰিব৷

NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে বাৰে বাৰে শুনানি গ্ৰহণ কৰি বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে আৰু কোনো কাৰণত যাতে এনআৰচিৰ কামৰ গতি লেহেমিয়া নহয় তাকেই গুৰুত্ব দিছিল।

তাৰ মাজতে নতুন দিল্লীৰ পৰা প্ৰকাশিত দেশৰ আগশাৰীৰ আলোচনী ‘আউটলুক’ত প্ৰকাশিত এটি প্ৰৱন্ধত এনআৰচি সন্দৰ্ভত ভয়াবহ তথ্য প্ৰকাশ পাইছে৷ এনআৰচিৰ চূড়ান্ত খছৰা প্ৰকাশৰ পিছতে অসমৰ ভয়াবহ পৰিস্থিত সৃষ্টি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰাৰ লগতে প্ৰায় ৬০-৭০ লাখ লোকৰ নাম কৰ্তন হ’ব পৰে বুলি ধাৰণা কৰে আউটলুক’ত প্ৰকাশিত এটি প্ৰৱন্ধত৷

ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ শান্তি আৰু সংঘাত গৱেষণা বিষয়ৰ অধ্যাপক অশোক চৈনে ‘অউটলুক’ আলোচনীত লিখা এটি প্ৰৱন্ধত কিছু কাৰণক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে৷ এনআৰচিৰ প্ৰস্তুতৰ কাম অন্তিম মুহূৰ্তত উপনীত হোৱাৰ সময়তে অধ্যাপক অশোক চৈনে উল্লেখ কৰা মতে নাগৰিকত্ব চিনাক্তকৰণৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বুলি কৈ পূৰ্বে বিদেশী সমস্যাক লৈয়ে অসমৰ নেলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বুলি কয়৷ 

যদিহে সঁচাকৈয়ে নাগৰীকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত ৰাজ্যখনৰ ৬০-৭০ লাখ লোকৰ নাম অন্তৰ্ভুক্ত নহয়, তেনেহলে ৰাজ্যত আইন শৃংখলাৰ লগতে ভয়াবহ ৰাজনৈতিক সমস্যাই দেখা দিব বুলি অনুমান কৰে৷ একমাত্ৰ অসমতে নহয়, এই ভয়াবহ পৰিস্থিতিয়ে চুবুৰীয়া ৰাজ্যকো চুই যাব বুলি আশংকা ব্যক্ত কৰে চৈনে৷ 

চৈনৰ মতে, যিসকল হিন্দু লোকৰ নাম এনআৰচিৰ পৰা কৰ্তন হব, সেই লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই চেষ্টা চলাব বুলি তেওঁ উল্লেখ কৰি কয় যে ইয়াৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ বাবে কেন্দ্ৰই যো-জা চলাইছে৷ 

ৰাষ্টীয় নাগৰীকপঞ্জী উন্নীতকৰণক লৈ শেহতীয়াকৈ অসমত এক চেপা উত্তেজনাৰ বিৰাজ কৰি আছে৷ অহা ৩০ জুনত এনআৰচিৰ পূৰ্ণাংগ খছৰা প্ৰকাশ পাব৷ পূৰ্ণাংগ খছৰাত বহুসংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত নহব বুলি একাংশ লোকে ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰিছে৷ যাৰ ফলত ৰাজ্যৰ পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব বুলি খোদ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ 

পুৰ্ণাংগ খছৰা পকাশৰ পিছত ৰাজ্যৰ পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব, অতিৰিক্ত আৰক্ষীৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টচাৰ্যৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হৈছে৷ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা অৰ্ধসামৰিক বাহিনীৰ ১৫০টা কোম্পানী বিচাৰিছে৷ পৰিস্থিতৰ মাজতেই দেশৰ আগশাৰীৰ আলোচনীয়ে এনআৰচিৰ পৰা ৬০-৭০ লাখ লোকৰ নাম কৰ্তন হোৱাৰ লগতে নাগৰীকপঞ্জী প্ৰকাশৰ পিছতেই ৰাজ্যৰ ভয়াবহ পৰিস্থিতৰ সৃষ্টি হোৱাৰ আশংকা কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

আনহাতে, মঙলবাৰে এটি বিবৃতি যোগে এনআৰচি সন্দৰ্ভত অপ্ৰচাৰ চলিছে বুলি চিন্তা জাহিৰ কৰে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই। এটি বিবৃতি যোগে কয় যে এনআৰচি সন্দৰ্ভত অতি বিভ্ৰান্তিকৰ প্ৰচাৰ চলাই কথা হৈছে। শেহতীয়াকৈ নাম বাদ পৰিব বুলি হৈ থকা প্ৰচাৰত একাংশ লোকে ভুল তথ্য প্ৰচাৰ কৰি আহিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰে। হাজেলাই কয় যে এতিয়াও সম্পূৰ্ণ হোৱা নাই পৰীক্ষণ প্ৰক্ৰিয়া। কিন্তু বিভিন্ন ব্যক্তি, দল-সংগঠনে প্ৰকাশ কৰা তথ্য কল্পনাহে মাথোন বুলি কয়। ছচিয়েল মিডিয়া যোগে নিজ বিবৃতি প্ৰকাশ কৰি মুখ্য সমন্বয়ক হাজেলাই প্ৰকৃত ভাৰতীয় লোক বাদ নপৰে বুলি কয়।