গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে মুখ থেকেচা খালে৷ গুৱলাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘ দিনৰ শুনানীৰ অন্তত NSAৰ পৰা মুক্ত কৰিলে অখিল গগৈক৷ বহু-জল্পনাৰ অন্তত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ পৰা মুক্ত হ’ল অখিল গগৈ৷ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে৷ অখিল গগৈৰ NSA গোচৰৰ ৰায় বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে।
NSAৰ অধীনত গ্ৰেপ্তাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতি তথা অখিলৰ পৰিয়ালে প্ৰত্যাহ্বান জনাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘ শুনানীৰ অন্ত পৰে সোমবাৰে৷ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে NSA থাকিব নে নাই তাৰ ৰায় প্ৰদান কৰাৰ সময়লৈকে উৎসুকতাৰে ৰৈ আছিল ৰাজ্যৰ অগণন লোক৷ অধিবক্তা নিলয় দত্তই অখিলৰ হৈ ওকালতি কৰিছিল। অখিল গগৈক যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা জেলত বন্দী কৰি ৰাখিছিল ৰাজ্য চৰকাৰে৷