লিডুঃ ৰাজ্য চৰকাৰৰ দুৰ্বল ভূমিকাৰ বাবে অসমৰ ভূমিত NSCN (IM)ৰ দাদাগিৰী অব্যাহত আছে৷ এতিয়া ইচ্ছা গ’লেই অসমৰ বিনা দ্বিধাই NSCN (IM)ৰ লোক সোমাই সন্ত্ৰাস সৃষ্টি কৰি অনায়াসে উভতি যাব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷
অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ থকা এই এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে তিনি পূৰ্বে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়াৰ পিছত শুকুৰবাৰে নিশা দাবী কৰা ধন নিবলৈ আহি এনএনচিএনৰ দুই কেডাৰ আৰক্ষীৰ জালত পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মঙলবাৰে নিশা লিডুৰ টিকক পাহাৰত অস্ত্ৰ-শস্ত্ৰ সৈতে NSCN (IM)ৰ দল প্ৰবেশ কৰি প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলাই৷