নলবাৰীঃ বক্সিং, বডি বিল্ডিংৰ পিছত এইবাৰ নৃত্যত জিলিকি উঠিল অসমৰ এগৰাকী কিশোৰী৷ ১১ বছৰীয়া কিশোৰীগৰাকীয়ে নজ সাধনাৰ ফলত জিলিকি উঠিল মুম্বাইত৷

মুম্বাইত অনুষ্ঠিত এক সৰ্ব ভাৰতীয় নৃত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে আধুনিক নৃত্য, লোক নৃত্য আৰু সত্ৰীয় নৃত্যত প্ৰথম স্থান দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

গুৱাহাটী মহানগৰৰ ৰুক্মিণী গাঁৱৰ প্ৰণৱ মেধি আৰু মিলি মেধিৰ একমাত্ৰ কন্যা জৰ্জিয়া মেধিয়ে গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্য খনলৈ৷ মুম্বাইত এমেচাৰ আৰ্টিষ্ট এছচিয়েছনৰ উদ্যোগত যোৱা ২৬-২৮ অক্টোবৰলৈ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় নৃত্য মহোৎসৱ আধুনিক নৃত্য, লোক নৃত্য আৰু সত্ৰীয় নৃত্যত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

আটাইকেইটা নৃত্যত তেওঁ এমেছাৰ আৰ্টিষ্ট এছচিয়েছনৰ পৰা বটাঁ আজুৰি আনে। জৰ্জিয়া মহানগৰীৰ মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ ছাত্ৰী৷ তেওক বঁটা প্ৰদান কৰি প্ৰশংসা কৰিলে শিৱ সেনাৰ নেতাই।