65
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়তহে সপোন কিনিব পাৰি। আজিৰ এই বিশ্বায়নৰ যুগত স্বাস্থ্য শিক্ষা আদিও ধনৰ বিনিময়তহে কিনিব লগা হ’ল। বৰ্তমান সময়ত উচ্চ-শিক্ষা খৰচ ইমান বেছি বৃদ্ধি হৈছে যে মধ্যবৃত্ত সকলৰো উচ্চ-শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰা অৱস্থা হ’বলৈ গৈ আছে৷ এটা ভাল চাকৰি,এটা ভাল স্বচ্চল ভৱিষ্যতৰ সপোন সকলোৱেই দেখে আৰু তাৰ কাৰনে যিকোনো মূল্য ভৰি হ’লেও ছাত্ৰ-ছাত্ৰীসকলে উচ্চ-শিক্ষা গ্ৰহণ কৰিবলৈ যত্নপৰ হয়৷