এজন ব্যক্তিৰ মূৰত থকা চুলিৰ সংখ্যা হিচাপ কৰি শেষ কৰিব পাৰিবনে? বা আপুনি ক্ৰয় কৰি অনা এক কিঃগ্ৰাঃ চাউলত কিমানটা চাউল আছে বুলি যদি প্ৰশ্ন কৰা হয় সেই প্ৰশ্নৰ উত্তৰ আপুনি কি দিব? কাৰোবাৰ নাকনি কাননি কৰিবলৈ এইকেইটা প্ৰশ্নই হয়তো যথেষ্ট।
বিশ্বত মুঠ চৰাইৰ সংখ্যা কিমান আছে। লগে লগে ইয়াৰ উত্তৰটো দিয়া সহজ নহ’লেও আপুনি কিন্তু সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাটো সম্পূৰ্ণৰূপে অসম্ভৱ কাম নহয়। চৰাইৰ সলনি যদি আপোনাক কোৱা হয় যে বিশ্বত থকা পৰুৱাৰ হিচাপ লাগে তেন্তে আপুনি তাৰ উত্তৰ কি দিব? এই প্ৰশ্ন সোধাজনক আপুনি হয়তো পোনতে পাগল বুলিও ভাৱিব! কিন্তু আচৰিত যেন লগা এই প্ৰশ্নটোৰ উত্তৰ হিচাপ কৰি উলিয়াইছে বিজ্ঞানীয়ে।