ওদালগুৰিঃ আছুৰ নেতৃত্বত কেইবাটাও সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ওদালগুৰিৰ ৰাজপথ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত গ্ৰহণ কৰা হয় ‘সকীয়নি বিক্ষোভ’ কাৰ্যসূচী।
ওদালগুৰি ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰপৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, অৰণ্য সুৰক্ষা সমিতিকে ধৰি কেইবাটাও দল-সংগঠনে। উক্ত স্থানত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত এক সমদল উলিওৱা হয়। কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত সমদলত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘কেন্দ্ৰীয় চৰকাৰ হায় হায়’, ‘ৰাজ্য চৰকাৰ হায় হায়’, ‘সৰ্বানন্দ সোণোৱাল হায় হায়’, ‘শিলাদিত্য লেইলেই চেইচেই’, ‘অবৈধ বাংলাদেশীৰ সমৰ্থকসকল হুচিয়াৰ’ ইত্যাদি শ্ল’গান প্ৰদানেৰে ৰাজপথ উত্তাল কৰি তোলে।