নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বৰচিলাৰ উত্তৰ শিলপুখুৰী খেলপথাৰত বৰচিলা যুৱকবৃন্দৰ উদ্যোগত আয়োজিত স্বৰ্গীয় ৰাজকুমাৰ বৰদলৈ আৰু মধুসিং বৰদলৈ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত গান্ধীবড়ি ফুটবল ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰিছে৷
প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখন নিৰ্ধাৰিত সময়ত অমীংমাসিত হৈ ৰোৱাত টাইবেকাৰৰ সহায় লোৱা হয়৷ টাইবেকাৰত গান্ধীবড়িয়ে সামগ্ৰীকভাৱে ৪-২ (১-১) গলৰ ব্যৱধানত কহিগুৰি য়ুথ ক্লাবক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে৷ খেলখন পৰিচালনা কৰাত চাহজাহান আলী চৌধুৰীক লাইনত সহায় কৰে মতিউৰ ৰহমান আৰু মনো দেউৰীয়ে৷