♦ ব্যৱস্থা গ্ৰহণৰ দাবী ওদালগুৰি জিলা বি জে পি যুৱ মৰ্চাৰ

ওদালগুৰিঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যজুৰি চলি আছে অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। ওদালগুৰিতো বিগত ১৬ ফেব্ৰুৱাৰীৰপৰা ওদালগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ আছে এই ক্ৰিকেট প্ৰতিযোগিতা।

যিখন প্ৰতিযোগিতাৰ পুৰস্কাৰ হৈছে এক লাখ টকা। প্ৰতিযোগিতাখনিত ইতিমধ্যে ভাগ লৈছে ৮ টাকৈ ক্ৰিকেট দলে। ৰাজ্যৰ লুকাই থকা ক্ৰিকেটৰ প্ৰতিভাসম্পন্ন খেলুৱৈক উলিয়াই অনাৰ লক্ষ্য আগত ৰাখি অসম ক্ৰিকেট সন্থাই আয়োজন কৰিছে এই প্ৰতিযোগিতা। 

কিন্তু ওদালগুৰিত চলি থকা এই ক্ৰিকেট প্ৰতিযোগিতাখনত দেখা গৈছে বিপৰীত দৃশ্য। অভিযোগ অনুসৰি জিলাখনৰ বাহিৰৰপৰা একাংশ খেলুৱৈক আনি খেলিবলৈ সুযোগ দিছে ওদালগুৰি ক্ৰীড়া সন্থাই। পূৰ্বৰেপৰা বিতৰ্কত সোমাই থকা ওদালগুৰি ক্ৰীড়া সন্থাৰ বিৰুদ্ধে আছে বিভিন্ন অভিযোগ।

যিসময়ত ৰাজ্যৰ পিছ পৰা অঞ্চলৰপৰা ক্ৰিকেটৰ প্ৰতিভাক উলিয়াই অনাৰ লক্ষ্যৰে অসম ক্ৰীড়া সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তেনে সময়ত বহিঃজিলাৰপৰা আমদানিকৃত খেলুৱৈক খেলাৰ সুবিধা প্ৰদান কৰাত এতিয়া বঞ্চিত হ’বলগীয়া হৈছে ওদালগুৰিৰ স্থানীয় খেলুৱৈসকল। 

ইয়াৰ পাছতো ক্ৰীড়া সন্থাটোৱে খেলুৱৈসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ভয়ত আনুষ্ঠানিকভাৱে অসন্তুষ্টি প্ৰকাশ কৰাৰপৰা বিৰত আছে খেলুৱৈসকল। এই সন্দৰ্ভত জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় মন্ত্ৰী ৰিহন দৈমাৰীও নিমাত হৈ থকা পৰিলক্ষিত হৈছে। 

অৱশ্যে বিধানসভা অধিৱেশন চলি থকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত জ্ঞাত নে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে বিষয়টো সন্দৰ্ভত মঙলবাৰে মুখ খুলিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। 

শৰ্মাই জানিবলৈ দিয়া মতে স্থানীয় খেলুৱৈসকলক বঞ্চনা কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব। এই সন্দৰ্ভত জিলা ক্ৰীড়া সন্থাৰ লগতে সন্থাৰ সভাপতি মন্ত্ৰী ৰিহণ দৈমাৰীক বিষয়টো সন্দৰ্ভত হস্তক্ষেপৰ দাবী কৰিছে। অন্যথা এইক্ষেত্ৰত উচিত পদক্ষেপ লোৱাৰ কথা সকীয়াই দিয়ে। 

এইসন্দৰ্ভত ওদালগুৰিৰ দল-সংগঠনসমূহ নিমাত হৈ আছে যদিও বঞ্চিত খেলুৱৈসকলে জিলা ক্ৰীড়া সন্থাৰ ৰোষত পৰাৰ ভয়ত আনুষ্ঠানিকভাৱে মুখ খোলাৰপৰা বিৰত আছে। একাংশ‌ খেলুৱৈয়ে অভিযোগ কৰি কয় যে জিলা ক্ৰীড়া সন্থাৰ বিষয়বৱীয়াৰ সৈতে বুজা-বুজি কৰি এনেধৰণে জিলাখনৰ বাহিৰৰপৰা খেলুৱৈ আনি স্থানীয় খেলুৱৈক বঞ্চনা কৰিছে। 

এইক্ষেত্ৰত জিলা ক্ৰীড়া সন্থাৰ সভাপতিগৰাকীৰ হস্তক্ষেপ দাবী কৰিছে সকলোৱে।