ওদালগুৰিঃ “অসমৰ ক্ৰীড়া জগতৰ নতুন জাগৰণৰ বাবে ওলাই আহিছোঁ। অসম ক্ৰীড়া ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে। আমি অবিৰত চেষ্টা কৰি আহিছোঁ। অসমৰ নাম উজলাবলৈ সক্ষম হৈছে গোলাপ ৰাভা, হিমা দাসৰ দৰে খেলুৱৈসকলে। ময়ো খেলৰ সৈতে জড়িত যুৱক, খেল খেলি ভাল পাওঁ। ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াটো আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য। ভাল খেলুৱৈসকলক মই আগলৈ সহায় কৰি যাম। নতুন প্ৰজন্মই ক্ৰীড়াজগতত আগবাঢ়ি আহিব লাগিব। সেয়ে মই সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ।”
এই ভাষ্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটত ‘লহকৰ ফিটনেছ হাব’ নামৰ এটি জিম উদ্বোধন কৰিবলৈ আহি সাংবাদিকৰ আগত এই ভাষ্য প্ৰদান কৰে জুবিনে।