গুৱাহাটীঃ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আজি সদৌ অসম সাহিত্য সন্মিলনৰ ঐক্যতান বঁটা প্ৰদান কৰা হয়। বিশিষ্ট কবি ৰাম গোস্বামী, বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন, সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন লাল বৰুৱা, প্ৰতিশ্ৰুতিৰ মুখ্য সম্পাদক কাবেৰী কছাৰী ৰাজকোঁৱৰ, ৰিজু হাজৰিকা, প্ৰাগজ্যোতি কমিউনিকেশ্যনৰ অধ্যক্ষ দীপাংক হাজৰিকা, কেৰিয়াৰ পৰামৰ্শদাতা ড. বুলজিৎ বুঢ়াগোহাঁই আৰু লেখিকা মীৰা দেৱীৰ অনুষ্ঠানটোত উপস্থিত থাকে। সাহিত্য সন্মিলনৰ প্ৰচাৰ সম্পাদক সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে আঁত ধৰা অনুষ্ঠানটোত থীম ছং পৰিৱেশন কৰে ৰাজ কাশ্যপে। 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কবি-সমালোচক ৰবীন্দ্ৰ বৰাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে কবি ৰাম গোস্বামীয়ে। নগাঁৱৰ কবি অনিল চন্দ্ৰ নাথলৈ বিশেষ সাহিত্য সন্মান, ডা. মাণিকলাল ভৌমিকলৈ শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা, মনোৰমা দাসলৈ শ্ৰেষ্ঠ সমাজ সংগঠক আৰু সেৱা বঁটা, সবিতা বৰা কোঁৱৰৰ 'শিলৰনো কি কথা থাকিব পাৰে’ সংকলনলৈ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বঁটা, কাব্যনীললৈ ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় কবি বঁটা, বিউটি বৰুৱালৈ শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা, মঞ্জু দত্তলৈ শ্ৰেষ্ঠ আত্মজীৱনীমূলক গ্ৰন্থ বঁটা, ড. অৰুণিমা বৰুৱালৈ শ্ৰেষ্ঠ শিশু সাহিত্যিক বঁটা প্ৰদান কৰা হয়। 

ত্ৰৈলোক্য কাশ্যপলৈ চুটি ছবিৰ শ্ৰেষ্ঠ অভিনেতা বঁটা, পল্লৱ প্লাৱনলৈ ভ্ৰাম্যমানৰ শ্ৰেষ্ঠ নৱাগত অভিনেতা বঁটা, অসমীয়া প্ৰতিদিনৰ ললিত গগৈলৈ ছপা মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা, নিউজ ১৮ ৰ মৌচুমী শৰ্মা বৰুৱালৈ বৈদ্যুতিন মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা, বকুল গগৈলৈ বৃক্ষ মানৱ সন্মান, ভুৱনেশ্বৰ শৰ্মালৈ পক্ষীবিদ বঁটা, আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি প্ৰতিষ্ঠা কৰা থলুৱা উদ্যোগ 'খাৰখোৱা’ৰ বাবে দেৱাংগ পল্লৱ শইকীয়ালৈ শ্ৰেষ্ঠ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে কাব্যনীলৰ 'কবি আৰু কবিতা’, শীৰ্ষক সমালোচনামুলক গ্ৰন্থ, প্ৰণৱ নাথৰ কাব্যগ্ৰন্থ 'প্ৰেমাগ্নি’ আৰু ড. অৰুণিমা বৰুৱাৰ 'সাধু সাধু খাই কঁঠালৰ বাদু’ উন্মোচন কৰা হয়।