ডিব্ৰুগড়ঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৮ খন তৈলক্ষেত্ৰ বহিৰাগত পুঁজিপতি কোম্পানীক গতোৱাৰ সিদ্ধান্তৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি হোৱাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সমগ্র অসমৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াতো কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰে । সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য সকলে আজি কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰাৰ লগতে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সঞ্জীৱ উলুপ আৰু সাধাৰণ সম্পাদক সীমান্ত দাসে আজি এটা প্ৰেছ বৃত্তি যোগে কয় যে সোণোৱাল চৰকাৰে অসমৰ জাতীয় সম্পদ লুণ্ঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি কোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ প্ৰস্তুত আছে।
আনহাতে ডিব্ৰুগড়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিয়ে শতাধিক সদস্যৰ উপস্থিতিত নগৰৰ মজিয়াত কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নগৰ সমিতিৰ সভাপতি সুমন দেৱ নাথ আৰু সাধাৰণ সম্পাদক পবিত্ৰ দত্তই প্ৰেছ বিবৃত্তিত জানিবলৈ দিয়ে যে পৰিবৰ্তনৰ সপোন দেখোৱাই দূৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা চৰকাৰখনে ৰাজ্যবাসীৰ আশা-আকাংক্ষাত চৰকাৰে চেঁচাপানী ঢালিছে।