তিনিচুকীয়াঃ অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড কোনো নতুন কথা নহয়। অইল কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ ফলত একাধিকবাৰ তেল পৰিবাহী পাইপলাইনত বিস্ফোৰণ, খাদত বিস্ফোৰণৰ ফলত বিস্তৰ অঞ্চলৰ কৃষক ৰাইজ, পশুধন, শস্য পথাৰৰ ক্ষয়-ক্ষতিৰ উদাহৰণৰ পিছত আজি পুনৰ অইলৰ চৰম অবিবেচকী কৰ্ম-কাণ্ডৰ ফলত তিনিচুকীয়া জিলাৰ বৃহৎ অঞ্চল এটালৈ আহি পৰিছে ভয়ংকৰ বিপদৰ আগজাননী। 

আজি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ পাঁচশ মিটাৰ আঁতৰত থকা অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান OCSৰ ৫ নম্বৰ খাদত বুধবাৰে পুৱাই অইলৰ চূড়ান্ত গাফিলতিৰ বাবে পাইপলাইনত বিস্ফোৰণ ঘটি অহৰহ গেছ নিৰ্গত হৈ আছে৷ দ্ৰুত গতিত নিৰ্গত হোৱা গেছ এই পৰ্যন্ত অইল কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ফলত সমগ্ৰ অঞ্চলটো পাইপ ফুটি নিৰ্গত হোৱা গেছে ছানি ধৰিছে৷ 

খাদটোত ঘটা এই বিস্ফোৰণৰ পিছত ভয়ংকৰ বিপদৰ আগজাননী দেখি স্থানীয় ৰাইজ আতংকিত হৈছে পৰাৰ লগতে অন্য ঠাইলৈ ঢাপলি মেলে। ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সজাঁতি দল উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে অইল ইণ্ডিয়াৰ অনিয়ম আৰু গাফিলতিৰ বিৰোধিতা কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ তিনিচুকীয়া জিলাত অইলৰ সকলো উৎপাদন, খনন আৰু পৰিবহণ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে।

যি সময়ত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৭টা কৈ স্থানত অইলক খনন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে, তেনে সময়তে আজি তিনিচুকীয়াৰ বাঘজানত অইলৰ পাইপেৰে গেছ নিৰ্গত হোৱা ঘটনাই এতিয়া অধিক শংকিত কৰি তুলিছে অঞ্চল বাসীৰ লগতে তিনিচুকীয়া জিলাবাসীক। অইলৰ এনে দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডৰ বাবে মানুহৰ লগতে সমগ্ৰ জীৱকূলৰ বাবে ভয়ংকৰ শংকা নামি আহিছে বুলি ভিন্নজনে মতামত ব্যক্ত কৰা দেখা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে দক্ষিণ ভাৰতৰ এটা ৰাসায়নিক কাৰখানাত গেছ লিক হয় কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছিল কেবা সহস্ৰাধিক লোক। এনে পৰিপ্ৰেক্ষিতত অইল ইণ্ডিয়া লিমিটেডৰ এনে দায়িত্বহীনতাৰ একাধিক উদাহৰণ থকাৰ পিছত কিয় চৰকাৰে মানুহৰ জীৱনৰ সৈতে খেলা কৰাৰ অনুমতি প্ৰদানৰ লগতে এনেধৰণৰ অবিবেচক বহুজাতিক কোম্পানীক সম্পদ লুণ্ঠনৰ বাট মুকলি কৰি দি কিয় জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰাৰ অনুমতি প্ৰদান কৰা হৈছে বুলিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।