Home ৰাজ্য‘অইল’ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বঞ্চিত চাকৰি প্ৰাৰ্থী

‘অইল’ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বঞ্চিত চাকৰি প্ৰাৰ্থী

by News Desk
A+A-
Reset
oil

দেশৰ দ্বিতীয় বৃহৎ তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ অদক্ষ শ্ৰমিক নিযুক্তিক কেন্দ্ৰ কৰি উজনি অসমত প্ৰতিক্ৰিয়া অব্যাহত আছে। মুঠ ১৭৫ টা অদক্ষ শ্ৰমিক পদৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ চৌদিশে উত্থাপন হৈ অহাৰ সময়তে বঞ্চিত চাকৰি প্ৰাৰ্থীসকলৰ এই তৎপৰতাই বুকু কঁপাইছে প্ৰতিষ্ঠানটোৰ একাংশ দূৰ্নীতিগ্ৰস্ত বিষয়াৰ লগতে আন একাংশ মধ্যভোগী আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ৷ কাৰণ এই প্ৰাৰ্থীসকলৰ মাজৰ বহু প্ৰাৰ্থীয়ে অসংখ্য ভুৱা তথ্যপাতি দাখিল কৰাৰ উপৰি এই ভুৱা তথ্যপাতিসমূহৰ আধাৰতে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিছিল অইল ইণ্ডিয়াৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই। সততে অইলৰ বিৰুদ্ধে আন্দোলন কৰি তৈল প্ৰতিষ্ঠানটোক ব্যতিব্যস্ত কৰি ৰখা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন কিছুসংখ্যক দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে একাংশ মধ্যবিত্ত পৰিয়ালৰ সন্তানক ৬ৰপৰা ১৮ লাখ টকাৰ বিনিময়ত মৌখিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ যো-জা চলাইছে । ফলত যোগ্য একাংশ প্ৰাৰ্থী অইলৰ এই শীৰ্ষ বিষয়াসকলৰ মইমতালিত বঞ্চিত হ’বলগীয়া হয়। আনহাতে¸ কেৱল প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত কৰা মৌখিক পৰীক্ষাত সংঘটিত ব্যাপক অনিয়ম আৰু বিসংগতি ধৰা পেলাই চাকৰি বঞ্চিত প্ৰাৰ্থীসকলে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও অইলৰ বিষয়াসকলে বিষয়টোৰ সন্দৰ্ভত আওকণীয়া মনোভাব গ্ৰহণ কৰাত এতিয়া এই প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে ইয়াৰ প্ৰাথমিক কাম-কাজ সম্পূৰ্ণ হৈছে আৰু দুই-এদিনতে ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব বুলি বঞ্চিত প্ৰাৰ্থীসকলে জানিবলৈ দিছে । উল্লেখ্য যে অইল ইণ্ডিয়াত নিযুক্তিৰ নামত বছৰৰ পিছত বছৰ ধৰি কোটি কোটি টকাৰ লেনদেন হৈ আহিছে; যাৰ এক নিৰপেক্ষ তদন্তই পোহৰলৈ আনিব পাৰে অন্য এক এ পি এছ চি সদৃশ কেলেংকাৰী । কিন্তু আজিলৈকে কোনো এটা তদন্তকাৰী সংস্থা অথবা চৰকাৰে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰা নাই। কেৱল এয়াই নহয়¸ এইবাৰৰ অদক্ষ শ্ৰমিক নিযুক্তি প্ৰক্ৰিয়াত আছুৰ সদস্যই বিশেষ গুৰুত্ব লাভ কৰাত সংগঠনটোৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ সোণাৰী সমষ্টিৰ বিধায়ক তপন গগৈ আৰু খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ পোৱা গৈছে তৈল প্ৰতিষ্ঠানটোৰ ভিতৰচৰাৰ পৰা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0