newsnextone.com | গুৱাহাটীঃ অ’লা-উবেৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে চালক-মালিকক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এগৰাকী উবেৰ-অ’লা চালকে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ১১ বাজি ২০ মিনিটত শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া চালকজন সোণমণি কলিতা বুলি জানিব পৰা গৈছে৷ নলবাৰী জিলাৰ মুকালমুৱাৰ বালিকুছিত ঘৰ বুলি জানিব পৰা গৈছে চালক সোণমণি কলিতাৰ৷ আৰ্থিক দৈন্যতাৰ বাবেই যুৱকজনে ব্ৰহ্মপুত্ৰত জঁপিয়াই বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে যুৱকজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে।
নলবাৰী বালিকুছিৰ যুৱকজনে দীৰ্ঘ সময় ধৰি অ’লা আৰু উবেৰত গাড়ী চলাই পৰিয়াল পোহপাল দি আছিল যদিও দুয়োটা কৰ্তৃপক্ষই বিগত সময়ত ইনচেনটিভৰ পইছা বন্ধ কৰি দিয়াৰ লগতে পূৰ্বৰ দৰেই কমিছন দি আহিছিল৷ পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত পূৰ্বৰ কমিছনেৰে চালক আৰু মালিকসকলে অনলাইন ব্যৱস্থাত তথা অ’লা-উবেৰত গাড়ী চলাই পৰিয়াল চলাব নোৱাৰা হৈ পৰে৷