67
গুৱাহাটীঃ গাড়ীক লৈ সপোন দেখি এতিয়া বিপদত পৰিছে বহু লোক। বহুজাতিক প্ৰতিষ্ঠানৰ আকৰ্ষণীয় বিজ্ঞাপন প্ৰত্যক্ষ কৰি বেংকত ধাৰ লগাই এইসকল লোকে ক্ৰয় কৰিছিল দামী বাহন। লক্ষ্য এটাই, দুটকা উপাৰ্জন।
পিছে আকৰ্ষণীয় বিজ্ঞাপনত ভোল গৈ এতিয়া ঢোকাঢোকে পানী খাবলৈ বাধ্য হৈ পৰিছে অধিকাংশ লোক। এই লোকসকল অলা-উবেৰৰ মালিক-চালকৰ বাদে আন কোনো নহয়।