ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ গাড়ীক লৈ সপোন দেখি এতিয়া বিপদত পৰিছে বহু লোক। বহুজাতিক প্ৰতিষ্ঠানৰ আকৰ্ষণীয় বিজ্ঞাপন প্ৰত্যক্ষ কৰি বেংকত ধাৰ লগাই এইসকল লোকে ক্ৰয় কৰিছিল দামী বাহন। লক্ষ্য এটাই, দুটকা উপাৰ্জন।

পিছে আকৰ্ষণীয় বিজ্ঞাপনত ভোল গৈ এতিয়া ঢোকাঢোকে পানী খাবলৈ বাধ্য হৈ পৰিছে অধিকাংশ লোক। এই লোকসকল অলা-উবেৰৰ মালিক-চালকৰ বাদে আন কোনো নহয়।

আৰম্ভণিতে সকলো ঠিকে-ঠাকে চলিছিল। তালৈ চাই এজনৰ পিছত এজন লোকে গাড়ী লৈ ভিৰ কৰিছিলহি অলা-উবেৰৰ কাৰ্যালয়ত। এনেদৰে এখন এখনকৈ যেতিয়া অলা-উবেৰৰ হাজাৰ হাজাৰ গাড়ীৰে মহানগৰী ভৰি পৰিল তেতিয়াই আৰম্ভ হ’ল বিপৰ্যয়ৰ।

♦ দাবী মানিবলৈ সন্মত অলা, নাছোৰবান্দা উবেৰ

♦ ছয়মাইল, এয়াৰপ'ৰ্টত অপ্ৰীতিকৰ পৰিস্থিতি

♦ বন্ধ-প্ৰতিবাদক লৈ বহুধা-বিভক্ত মালিক-চালক

নিয়ম সলনি কৰিলে অলা-উবেৰ কৰ্তৃপক্ষই। ১০০ শতাংশ পৰ্যন্ত ইনচেনটিভ দিয়া কোম্পানী দুটাই সেয়া ক্ৰমাৎ কমাই অানি প্ৰায় নাইকিয়া সদৃশ কৰি তুলিলে। ফলত মূৰে-কপালে হাত দিবলৈ বাধ্য হ’ল মালিক-চালকসকল।

'প্ৰথমে ভাল আছিল। লাভ হৈছিল। কোম্পানীয়ে লোভ দেখুৱালে সকলোকে। সেয়ে বহুতে গাড়ী ল’লে। গাড়ী যেতিয়া বহুত হ’ল তেতিয়া কোম্পানীয়ে গুৰুত্ব নিদিয়া হ’ল। ট্ৰিপ কমিবলৈ ল’লে। ইমান গাড়ী হ’লে ট্ৰিপ কমিবৰে কথা। তাতে আকৌ গুৱাহাটীত কিমান ট্ৰেফিক জাম। এতিয়া গৰমৰ দিন। কাষ্টমাৰক এচি লাগে। চিটিত গাড়ীয়ে মাইলেজে নিদিয়ে। কিন্তু ভাৰা হ’ল কিলোমিটাৰত মাত্ৰ ৭ টকা। বেছ ফেয়াৰ মাত্ৰ ৪০ টকা। তেলৰ দাম ইমান হৈছে। সকলো তেলতে যায়। মাহৰ শেষত লাভ বাদেই ইনষ্টলমেণ্টৰ বাবে টনাটনি হয়।’-এইদৰে কয় এজন কেব চালকে।

একে মন্তব্য কেব মালিকসকলৰো। 'মাহত ৭০ হাজাৰ টকা উপাৰ্জন হ’ব বুলি কৈছিল উবেৰে। সেয়ে গাড়ী ল’লো। আমি নিবনুৱা ল’ৰা। ভাবিছিলো অৱস্থা ভাল হ’ব। দুদিনমান ঠিকেই চলিল। এতিয়া দেখিছো সব ফুটুকাৰ ফেন। না ইনচেনটিভ, না ট্ৰিপ। যি দুই চাৰি টকা পাওঁ তেল আৰু ড্ৰাইভাৰৰ নামতেই যায়। ধাৰ কৰি ইনষ্টলমেণ্ট দিব লাগে। যদি সেয়াই হয় মিছাকৈ আমাক আশা দিছিল কিয়? গাড়ীৰ ডাউনপেমেণ্টৰ টকাৰে বেলেগ কিবা কৰিব পাৰিলো হয়।’-এজন ক্ষুব্ধ কেব মালিকৰ মন্তব্য।

উল্লেখ্য যে এনে প্ৰতাৰণাৰ প্ৰতিবাদত আজিৰে পৰা ৩১ মে'লৈ ৭২ ঘণ্টীয়া অলা-উবেৰ বন্ধৰ আহ্বান জনাইছে অলা-উবেৰ মালিক-চালক সন্থাই। আজি প্ৰথম দিনা বন্ধ নামানি দুই-এজন মালিক-চালকে অলা-উবেৰ চলোৱাত ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

ছয়মাইলত বন্ধ নামানি যাত্ৰীক গন্তব্য স্থানলৈ লৈ গৈ থকা অৱস্থাত এখন গাড়ী আগচি ধৰি বন্ধ সমৰ্থনকাৰীসকলে চালকৰ ডিভাইচ কাঢ়ি লয়। পাণবজাৰতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত আকৌ একাংশ বন্ধ সমৰ্থনকাৰী মালিক-চালকে বন্ধ নামানি গাড়ী চলোৱাসকলক বাধা দিবলৈ গৈ বিদেশী পৰ্যটককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

বন্ধৰ ফলত গণেশগুৰিৰ পৰা উলুবাৰীলৈ উবেৰ এপছত ভাৰাই ৩০০ৰ সীমা অতিক্ৰম কৰে। তেনেই অকণমান দূৰত্বত ইমান ভাৰা হোৱাত বহু যাত্ৰীয়ে প্ৰচণ্ড গৰমত উবেৰৰ এচি কেবত যোৱাৰ আশা বাদ চিটি বাছেৰে গন্তব্যস্থললৈ ৰাওনা হয়। বহু যাত্ৰীক আকৌ অলা-উবেৰৰ আগমনৰ পূৰ্বৰ দিনবোৰৰ দৰেকৈ অটোৱালাৰ কাষ চপাও দেখা গ'ল।

'বহুদিনৰ মূৰত আমি অলপ বেছিকৈ ভাৰা পাইছো আজি। ভাৰ নোপোৱা নহয়। অলা-উবেৰ থাকিলেও ভাৰা পাও। আজি অৱশ্যে আগতকৈ বেছি হৈছে। আগৰ দৰে হৈছে।'-এজন সুখী অটোচালকৰ ভাষ্য।

ইফালে বন্ধ ঘোষণাৰ এদিন পূৰ্বে সেয়া ব্যৰ্থ কৰিবলৈ উবেৰ কৰ্তৃপক্ষই মালিক-চালকসকলক আৱেগিক আতিশয্যা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ বন্ধ সমৰ্থনকাৰীয়ে। 'কালিৰে উবেৰে ননষ্টপ প্ৰি-ৰেকৰ্ডেড কল কৰি আমাক বন্ধ নামানিবলৈ কৈ আছে। এই কলটোত আৱেগিক কৰিবলৈ চেষ্টা চলাই কাষ্টমাৰ কমি যোৱাৰ ভয় দেখুৱাইছে। কোম্পানীৰ নিজৰ মানুহে নিজে মালিক-চালক হৈ কল ৰেকৰ্ডিং কৰি আমাক বুৰ্বক সজাবলৈ চেষ্টা কৰিছে।’-এজন বন্ধ সমৰ্থনকাৰী মালিক-চালকৰ অভিযোগ।

আনহাতে আন একাংশ উবেৰ পাৰ্টনাৰ্ছে আকৌ এনে ধৰণে বন্ধৰ আহ্বান জনোৱাতো উচিত হোৱা নাই বুলি মন্তব্য কৰিছে। নিউজ নেক্সট ৱানৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত একাংশ মালিকে আজিৰে পৰা বন্ধ আহ্বান জনোৱা সংগঠনটোৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন কৰে। 'আমি আজি গাড়ী চলোৱা নাই। সেইবুলি আমি বন্ধটোকো সমৰ্থন জনোৱা নাই।’-নিজে গাড়ী কিনি নিজে চলোৱাসকলৰ কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি এইদৰে কয় এজন উবেৰ পাৰ্টনাৰ্ছে।

'আচল সমস্যা হৈছে ড্ৰাইভাৰ ৰাখি গাড়ী চলোৱাসকলৰ। আমি ড্ৰাইভাৰকে সকলো পইছা দিব লাগে। হাতত এটকাও নাবাচে। এই লৈ আমি উবেৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলো। তেওঁলোকে আমাৰ কথা মানিব নোখোজে। আমি স্মাৰক পত্ৰ এখনো দিছিলো। শেষত তেওঁলোকে পতিয়ন গৈছিল যে সঁচাকৈয়ে আমাৰ একো লাভ হোৱা নাই। ৩০ মে’ত এই লৈ তেওঁলোকে আমাৰ সৈতে ভালকৈ আলোচনা কৰিব বুলি কৈছিল। কিন্তু তেতিয়াই আন এটা গোটে বন্ধৰ আহ্বান জনালে। এনেকৈ এতিয়া গোটেই কথাবোৰেই কিবা এটা খেলিমেলি হৈ পৰিছে।’-মালিক আৰু চালকসকল বিভিন্ন গোটত ভাগ হৈ পৰাত আক্ষেপ প্ৰকাশ কৰি এইদৰে কয় ড্ৰাইভাৰ ৰাখি গাড়ী চলোৱা আন এজন পাৰ্টনাছে।

শেহতীয়া বাতৰি মতে, অলাই ইতিমধ্যে বন্ধ আহ্বান জনোৱা সদৌ গুৱাহাটী অলা-উবেৰ মালিক-চালক সন্থাৰ দাবীসমূহ আলোচনাৰ জৰিয়তে মানি ল’বলৈ সন্মত হৈছে। অৱশ্যে উবেৰে এতিয়াও সন্থাৰ দাবী প্ৰতি কোনো সহাৰি জনোৱা নাই বুলি জানিব পৰা গৈছে।

এনেদৰে এতিয়া অলা-উবেৰে বিপদ মাতি আনিছে বহুতৰে জীৱনলৈ। কোনোৱে যদি কেবা মাহ ধৰি ইনষ্টলমেণ্ট দিব পৰা নাই, আন কোনোজনৰ বাবে আকৌ জীৱিকাৰ সম্বল হিচাপে লোৱা দামী গাড়ীখন এতিয়া হৈ পৰিছে ডিঙিৰ হাৰমাল স্বৰূপ।