filephoto
filephoto

ওদালগুৰিঃ বৃহত্তৰ অসমীয়া জাতি নানা পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী৷ পৰম্পৰাগত খেল-ধেমালি, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী অসম খন সদায় শুৱনি হৈ আছে৷ সাম্প্ৰতিক সময়ত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

তথাপিও কিছু পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই থকা পৰিলক্ষিত হৈছে৷ পুৰণি পৰম্পৰাগত নানা খেল গ্ৰাম্য অঞ্চলত আজিও খেলা দেখা যায়৷ ঠায়ে ভেদে এই আদিম পৰম্পৰা পালন কৰি অহা দেখা যায়৷

কণী যুঁজ, কড়ি খেল, তৰোৱাল খেল, কাড় খেল, বুলবুলি চৰাই যুঁজ, হাউখেল, লৰা, ধৰা, বোন্দা হাউ, গন্ধ হাউ, ঢোপখেল, টাংগুটি, ঘিলাখেল, লুকাভাকু আদি গ্ৰাম্য অঞ্চলত আজিও খেলা দেখা যায়৷ গ্ৰাম্য অঞ্চলত পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা আজিও অনুষ্ঠিত হৈ আহিছে৷ গাঁৱৰ কিশোৰ-কিশোৰী, আৱাল, বৃদ্ধ বনিতাই ব্যস্ত হৈ পৰে এই খেলত৷

তাৰ মাজতে, ওদালগুৰি জিলা ক্ৰীড়া বিভাগে অহা ৮ এপ্ৰিলত ওদালগুৰিত অনুষ্ঠিত কৰিব পৰম্পৰাগত ক্ৰীড়া উৎসৱ। সমাজৰ পৰা বিলুপ্ত হ’ব ধৰা পৰম্পৰাগত খেলসমূহক জীয়াই তথা নৱপ্ৰজন্মৰ আগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰিছে জিলা ক্ৰীড়া বিভাগে। 

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দেওঁবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব ক্ৰীড়া উৎসৱ। ক্ৰীড়া উৎসৱত ৰচীটনা, হাউখেল, লৰা, ধৰা, বোন্দা হাউ, হাউ, ঢোপখেল, টাংগুটি, ঘিলাখেল, ইত্যাদি খেলসমূহ সন্নিৱিষ্ট কৰা হ’ব বুলি ক্ৰীড়া বিভাগে জানিবলৈ দিয়ে।