গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ নিবাসী প্রদীপ পায়েঙে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হাস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক ,সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান-প্রতিষ্ঠানত নিজকে আজীৱন নিয়োজিত কৰি অহা ব্যক্তি গৰাকীৰ মৃত্যুত সমগ্ৰ দিখৌমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে৷
এজন সুদক্ষ ফুটবল খেলুৱৈ হিচাপে দিখৌমুখ বিশ্বজ্যোতি সংঘৰ হৈ প্রতিনিধিত্ব কৰি সমগ্র অসমৰ বিভিন্ন ঠাইত খেল পৰিদৰ্শন কৰা এইজনা ব্যক্তি দিখৌমুখৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান বৰ্হমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্রৰো আজীৱন সদস্য আছিল৷ দিখৌমুখ শাখা সাহিত্য সভাকে আদি কৰি বহু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ সক্রিয় সদস্য আছিল প্রদিপ পায়েং৷ নিয়তিৰ নিষ্ঠুৰ হাতত দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ অৱশেষত বৃহস্পতিবাৰে মৃত্যুক আকোৱালি লয় এইজনা ব্যক্তিয়ে৷