68
তেজপুৰঃ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে গাৰ্হস্থ্য হিংসা। ইয়াৰ মাজতে আজি শোণিতপুৰ জিলাৰ বিহগুৰি মৌজাৰ ৰঙামাটি গাঁৱত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।
প্ৰাপ্ত বাতৰি মতে, আজি পুৱা প্ৰায় ৬ বজাত জিলাখনৰ ৰঙামাটি অঞ্চলৰ দুৰ্লভা দাস নামৰ ৬০ উৰ্ধৰ বৃদ্ধা এগৰাকীয়ে ঘৰৰ পৰা ১ কিঃমিঃ নিলগৰ ডিপোটা দলঙৰ পৰা জাপ মাৰি আত্মহনন কৰে।