ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি বিলাসী বাহনৰ ওপৰত কৰ বৃদ্ধি কৰিও বাধা দি ৰখাব পৰা নাই ভাৰতত বিলাসী বাহনৰ প্ৰতি থকা মানুহৰ মোহ৷ বিপৰীতে, ক্ৰমাৎ উৰ্ধগামী হৈছে বিলাসী বাহন বিক্ৰীৰ গ্ৰাফ৷
চলিত বৰ্ষৰ জানুৱাৰীৰপৰা মে’লৈ ৩,৫৩৩খন বিলাসী বাহন বিক্ৰী কৰা BMW ইণ্ডিয়াই ২০১৬ বৰ্ষত ১৪ শতাংশ বিকাশেৰে ৭,৮০০ খন গাড়ী বিক্ৰী কৰি সাফল্য লাভ কৰিছিল৷ চলিত বৰ্ষৰ প্ৰথমাৰ্ধতে এনেদৰে চমকপ্ৰদ সাফল্যৰে কোম্পানীটোৱে ৮ শতাংশ বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে৷