newsnextone.com | লংকাঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ এগৰাকী প্ৰায় ৩৫ বছৰীয়া যুৱকে এগৰাকী কণমানি কন্যাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হয় হোজাই জিলাত৷ হোজাই জিলাৰ লংকাৰ উদালীত এগৰাকী কণমানি শিশুক যৌন নিৰ্যাতনৰ চেষ্টা চলােৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ইতিমধ্যে ঘটনাৰ অভিযুক্ত কৃষ্ণ দাস নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, উদালীৰ প্ৰায় ৬ বছৰীয়া কন্যাগৰাকীয়ে ঘৰৰ পৰা ওলাই অহাৰ সময়তে প্ৰায় এমাহ পূৰ্বে এগৰাকী যুৱকে প্ৰত্যক্ষ কৰে৷