পাঞ্জাবাৰীঃ এগৰাকী মূকবধিৰ নাবালিকাক ধৰ্ষণ কৰি বিগত কিছু মাহ পলাতক অৱস্থাত থকা এজন লোকক আজি মহানগৰীৰ পাঞ্জাবাৰীৰ বগৰীতলত ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷

অভিযোগ অনুসৰি যোৱা বছৰৰ ২৭ডিচেম্বৰত পাঞ্জাবাৰী বতাহঘুলি বগৰীতল নিবাসী এগৰাকী ১১ বছৰীয়া মুকবধিৰ নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ উপৰ্যপৰি ধৰ্ষণ কৰি কোনো স্থানত আত্মগোপন কৰি আছিল উক্ত অঞ্চলৰে আজাৰুল আলীয়ে।

স্থানীয় ৰাইজে আজি তেওঁক কৰায়ত্ত কৰি উত্তম মধ্যম শোধাই সাতগাঁও আৰক্ষীক গতাই দিয়ে। পাছত আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰাই জেল-হাজোতলৈ প্ৰেৰণ কৰে।