ডিফুঃ এগৰাকী হত্যাৰ গোচৰত অভিযুক্ত আছামীৰ আদালত চৌহদতে মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলং জিলাত৷ বুধবাৰে জিলা খনৰ ডিফু ন্যায়িক আদালত চৌহদত বিজয় দাস নামৰ লোকজনৰ আকস্মিক মৃত্যু হয়৷
হত্যাৰ গোচৰত অভিযুক্ত লোক জনে ডিফু ন্যায়িক আদালতৰ চেছন ক’ৰ্টত শুনানীত হাজিৰ হ’বলৈ আহি আদালত চৌহদতে ঢলি পৰে৷ তৎক্ষণাত লোকজনক ডিফু চিভিল হাস্পাতালত নিয়া হয় যদিও লোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷