56
আমগুৰিঃ আমগুৰিত এগৰাকী ১৩ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে অঞ্চলটোত৷ জানিব পৰা মতে, আমগুৰি দৈনিক বজাৰৰ প্ৰদীপ চাও আৰু পূজা চাওৰ ১৩ বছৰীয়া পুত্ৰ বিকাশ চাৱে সমনীয়াৰ সৈতে খেলিবলৈ ওলাই গৈ জাঁজী নৈত পৰি সলিল সমাধি ঘটিল।
বিশ্বকৰ্মা পূজাত যাম বুলি ঘৰৰ পৰা ওলাই গৈ তিনিজন সমনীয়াৰ সৈতে জাঁজী নৈত গা-ধুবলৈ নামোতেই নদীৰ সোঁতে বিকাশ চাওক উটুৱাই নিয়ে।