নতুন দিল্লীঃ কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ দৰিদ্ৰ জনতাক সকাহ দিবলৈ চৰকাৰে ঘোষণা কৰা বিশেষ পেকেজৰ অধীনত মাত্ৰ ১৫ শতাংশ হিতাধিকাৰীয়েহে লাভ কৰিছে ১ কিলোগ্ৰামকৈ দাইল। দেওবাৰে এই বাতৰি প্ৰকাশ কৰিছে দেশৰ আগশাৰীৰ সংবাদ পত্ৰ 'দ্য হিন্দু’ৱে। 'কনজুমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট’ৰ উধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে ১৯ কোটিৰো অধিক দৰিদ্ৰ লোকৰ বাবে আৱণ্টিত ১.৯৬ লাখ টন দাইলৰ মাত্ৰ ৩০ হাজাৰ টনহে এতিয়ালৈকে বিতৰণ কৰা হৈছে।
যোৱা ২৬ মাৰ্চত সংবাদমেলযোগে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল যে ১ এপ্ৰিলৰ পৰা দেশৰ দৰিদ্ৰ জনতাই যাতে লকডাউনৰ সময়ছোৱাত পুষ্টিহীনতাত ভুগিবলগীয়া নহয় তাৰ বাবে ৰেচন কাৰ্ড থকা লোকসকলক প্ৰতি মাহে ১ কিলোগ্ৰামকৈ দাইল ৩ মাহৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত প্ৰদান কৰিব। ইয়াৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮০ কোটি হিতাধিকাৰীক অতিৰিক্ত ৫ কিলোগ্ৰামকৈ চাউল প্ৰদানৰ কথাও ঘোষণা কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে।
ঘোষণা অনুযায়ী উক্ত পৰিমাণৰ চাউল আৰু দাইল বিতৰণ কৰিবলৈ লোৱাৰ সময়ত চৰকাৰ-প্ৰশাসন যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও বাতৰিটোত প্ৰকাশ পাইছে। 'পূৰ্বতে যিধৰণে বিতৰণ চলি আছিল তাৰ তুলনাত এই বিতৰণত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। অধিকাংশ ক্ষেত্ৰতে দাইল ট্ৰাকেৰে পৰিবহণ কৰা হৈছে যদিও কোনো কোনো ক্ষেত্ৰত ৰেলৰো সহায় লোৱা হৈছে। কিন্তু উঠা-নমা কৰোৱা শ্ৰমিক আৰু পৰ্যাপ্ত ট্ৰাকৰ নাটনিৰ বাবে ভবা ধৰণে বিতৰণ ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা হোৱা নাই।’-এইদৰে কৈছে কনজুমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ এগৰাকী বিষয়াই।
বিষয়াগৰাকীয়ে আৰু কয় যে দাইলৰ গুদাম থকা একাধিক স্থান কৰ’নাৰ হটস্পট হৈ পৰাৰ পৰিপ্ৰেক্ষিততো দেশৰ ভিন্ন স্থানলৈ সেয়া সৰবৰাহ কৰাত জটিলতাই দেখা দিছে। চৰকাৰে নিজা গুদামসমূহত কেৱল বাকলি নুগুচোৱা দাইলহে মজুত কৰি ৰখা বাবেও বিতৰণত পলম হোৱা বুলিও দ্য হিন্দুৰ আগত সদৰী কৰিছে বিষয়াগৰাকীয়ে। অৱশ্যে তেওঁ অহা মে’ মাহৰ প্ৰথম সপ্তাহত দাইল বিতৰণ ব্যৱস্থা ক্ষিপ্ৰতৰ হৈ পৰিব বুলি আশা প্ৰকাশ কৰে।
►পঢ়িবলৈ তলৰ ফটোখনত ক্লিক কৰক...
'টাইমছ অব ইণ্ডিয়া'ৰ এটি বাতৰি মতে কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান, চণ্ডীগড়, দাদৰা নগৰ হাভেলী, গোৱা, লাডাখ, পুডুচেৰী, লক্ষদ্বীপ আনকি পঞ্জাৱৰ দৰে ৰাজ্যলৈ ইতিমধ্যে ঘোষণা কৰা অনুযায়ী ৩টা মাহৰ বাবে পৰ্যাপ্ত বাকলি গুচোৱা দাইল প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰে। বাতৰিটোৰ মতে দাইলৰ মজুতকৰণ আৰু সেয়া যোগান ধৰাৰ দায়িত্বত আছে নেশ্যনেল এগ্ৰিকালচাৰেল কো-অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন। প্ৰধানমন্ত্ৰী গৰীৱ কিষাণ যোজনাৰ অধীনত ফেডাৰেশ্যনে দেশৰ অতি কমেও ১৬৫ টা গুদামত থকা ৮.৫ লাখ টন বাকলি নুগুচোৱা দাইলৰ পৰা প্ৰয়োজনীয় ৫.৮৮ লাখ টন দাইল ১০০ টা দাইল মিলৰ জৰিয়তে প্ৰচেছড কৰাৰ কাম আৰম্ভ কৰিছে।
উল্লেখ্য যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে এইবাৰেই ভাৰতত দৰিদ্ৰ লোকসকলে যাতে প্ৰ’টিনৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে বিনামূলীয়াকৈ দাইল বিতৰণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে চৰকাৰে প্ৰতিমাহে ১ কিলোগ্ৰামকৈ দাইল প্ৰদানৰ কথা ঘোষণা কৰিছে যদিও প্ৰতিজন ব্যক্তিয়ে এমাহত গড়ে মাত্ৰ ২০০ গ্ৰামকৈহে দাইল লাভ কৰিব বুলি মন্তব্য কৰিছে খাদ্য বিশেষজ্ঞসকলে। ভাৰতত ৰেচন কাৰ্ড থকা পৰিয়ালসমূহৰ সদস্যৰ সংখ্যা গড় হিচাপত ৫ জনকৈ থকালৈ চাই খাদ্য বিশেষজ্ঞসকলে এজনৰ ভাগত মাত্ৰ ২০০ গ্ৰামকৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।