নতুন দিল্লীঃ লকডাউনক মহাযজ্ঞৰে ৰিজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ 'মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যজ্ঞৰ জৰিয়তে যিদৰে প্ৰাচীন কালত অসম্ভৱকো সম্ভৱ কৰি তোলা হৈছিল ঠিক তেনেকৈ লকডাউনৰ জৰিয়তে ভাৰতে অতি সহজে কৰ’নাক পৰাভূত কৰিবলৈ সমৰ্থ হ’ব। 

'সমগ্ৰ দেশ আজি ঐক্যৱদ্ধ হৈছে। সকলোৱে এজনে আনজনক সহায় কৰিছে। এনে লাগিছে যেন সমগ্ৰ দেশত মহাযজ্ঞহে চলি আছে। কোনোৱে দৰিদ্ৰসকলক খাদ্য সামগ্ৰী দিছে। কোনোজনে অত্যাৱশ্যাকীয় সামগ্ৰীৰে সহায় কৰিছে আৰু বিনামূলীয়াকৈ পাচলি দিছে। জনতাৰ এই ভাৱনাক সন্মান জনাইছো।’-প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

তেওঁ আৰু কয় যে কৰ’নাৰ বাবে মাস্ক এতিয়া জীৱনৰ অংশ হৈ পৰিছে। 'মাস্ক এতিয়া সভ্য সমাজৰ প্ৰতীক হৈ পৰিব। যদিহে বেমাৰৰ পৰা নিজৰ লগতে আনকো বচাই ৰাখিবলগীয়া হয় তেন্তে মাস্কৰ পৰিধান অপৰিহাৰ্য। সেয়ে মই সকলোকে পৰামৰ্শ আগবঢ়াইছো মাস্ক নথকাসকলে গামোছাৰে হ’লেও মুখ ঢাকি ৰাখিব।’-মোদীৰ পৰামৰ্শ।

আনহাতে য’তে-ত’তে থু-খেকাৰ পেলোৱা অভ্যাস ত্যাগ কৰিবলৈকো দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীয়ে কয়, 'আমাৰ সমাজত এতিয়াও বহুতে ভাবি আছে বাটে-ঘাটে থু পেলালে কি হ’বনো বুলি? য’তে-ত’তে থু-খেকাৰ পেলোৱাতো একেবাৰে বেয়া অভ্যাস। কথাতে আছে যে, Better late than never, অৰ্থাৎ পলম হ’ল যদিও এতিয়া অন্তত আমি য’তে-ত’তে থু-খেকাৰ পেলোৱাৰ অভ্যাস ত্যাগ কৰা উচিত। যেতিয়াই প্ৰাথমিক পৰিস্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি পাব তেতিয়াহে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাব।’ 


► তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক...


কৰ’নাক লৈ অধিক আত্মবিশ্বাসী নহ’বলৈকো পৰামৰ্শ আগবঢ়াইছে মোদীয়ে। তেওঁ কয় যে আজি যিসমূহ স্থানত কৰ’না হোৱা নাই সেই ঠাইৰ লোকসকলে আমি বাছি গ’লো, আমাৰ ঠাইত এনে বেমাৰ নহয় বুলি আত্মপ্ৰত্যয়ত ভোল গৈ কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এৰি দিলে বিপদ অনিবাৰ্য। তেনে ভুল চিন্তা কোনো কাৰণতে নকৰিবলৈ পৰামৰ্শ আগবঢ়াই মোদীয়ে 'সাৱধানীৰ মৰণ নাই’ আপ্তবাক্যশাৰী সোঁৱৰাই দিয়ে।

আজিৰ 'মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক পৱিত্ৰ ৰমজানৰো শুভেচ্ছা প্ৰদান কৰে। 'এই ৰমজানক সংযম, সদ্ভাৱনা, সংবেদনশীলতা আৰু সেৱাসূলভ মনোভাৱৰ প্ৰতীক হিচাপে গঢ়ি তোলক। এইবাৰ আমি সকলোৱে অধিক কঠোৰভাৱে নিয়মসূহ পালন কৰা উচিত যাতে ঈদৰ পূৰ্বেই পৃথিৱী কৰ’নামুক্ত হৈ পৰে আৰু আগৰ দৰেকৈ সকলোৱে ঈদৰ আনন্দত বুৰ যাব পাৰে।’-ৰমজানৰ সময়ছোৱাত কৰ’নাক প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই মোদীয়ে কয়।

'মন কী বাত’ৰ শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। 'মই আকৌ এবাৰ ক’ব বিচাৰিছো, দুই গজ দূৰত্ব ৰাখি চলক আৰু নিজকে সুস্থ কৰি ৰাখক। দুই গজ দূৰত্ব, আছে বহু গুৰুত্ব। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি, মই মোৰ কথাৰ সামৰণি মাৰিলো।’-শেষত দেশবাসীলৈ মোদীৰ মনৰ আহ্বান।