newsnextone.com।তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম তামুলপুৰ সূৰ্যোদয় ক্লাৱৰ সৌজন্যত ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম তিথি উপলক্ষে আয়োজিত ৩৫ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।
ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক সোণেশ্বৰ কলিতাই জনোৱা মতে ৩ ছেপ্টেম্বৰত পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতাই। স্মৃতি তৰ্পন কৰিব সদৌ তামুলপুৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত সামূহিক দৌৰ উদ্বোধন কৰিব তামুলপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মনে। পুৱা ৯.৩০ বজাৰ পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। দুপৰীয়া ১২ বজাত ৰচনা প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিলিপি গ্ৰহণ।