Home ৰাজ্যদুই যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰি পশ্চিম কাৰ্বি আংলঙত মৌন সমদল

দুই যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰি পশ্চিম কাৰ্বি আংলঙত মৌন সমদল

by News Desk
69 views
A+A-
Reset

newsnextone.com | খেৰণিঃ দুই যুৱকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত ডকমকা কাণ্ডৰ বিৰুদ্ধে হিন্দীভাষী সংস্থাই মৌন সমদল উলিয়াই বৃহস্পতিবাৰে। মৌন সমদল উলিয়াই দুয়ো যুৱকক শ্ৰদ্ধাঞ্জলি যাচে সংস্থাই। কাৰ্বি আংলং হিন্দীভাষী সংস্থা আৰু কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থাৰ উদ্যোগত ডকমকাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে দুই শতাধিক লোকে হাতে হাতে প্লেকাৰ্ড-মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে। 

সোপাধৰাৰ অপপ্ৰচাৰৰ ফলত গুৱাহাটীৰ পৰা কাৰ্বি পাহাৰৰ কাংঠিলাংছলৈ ফুৰিবলৈ যোৱা নিলোৎপল দাস অাৰু অভিজিৎ নাথক নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে যুৱকদ্বয়ৰ আত্মাৰ সদ্গতি কামনা কৰি সংগঠনকেইটাই বন্তি প্ৰজ্বলন কৰে খেৰণি চাৰি-আলিত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0