newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ পশ্চিম বিধান সভা সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ৰাইজে দলঙৰ অভাৱত বাৰিষা-শৰালি ভীষণ সমস্যাত পৰে। চাৰিচকীয়া বাহনটো দূৰৰ কথা বাইক-চাইকেল চলাব নোৱাৰে অঞ্চলটোৰ লােকসকলে৷ কোনো লোকৰ সাধাৰণ ৰোগ এটা হ’লে কান্ধত তুলি হস্পিতালত নিব লগা হয় ৰোগীক৷
কেন্দ্ৰ-ৰাজ্য চৰকাৰে বছৰি কোটি কোটি টকা ৰাজ্য চৰকাৰক উন্নয়নৰ বাবে দি আহিছে যদিও উন্নয়নৰ নামত এখন ওলোটা ছবিহে দেখা যায় ধুবুৰী জিলাৰ পশ্চিম বিধান সভা সমষ্টিৰ সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ৷ উন্নয়নৰ বাবে দিয়া কোটি কোটি টকাৰে উন্নয়ন কৰিব নোৱাৰাত ৰাইজে হাহাকাৰ কৰিব লগা হয়।