newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পাকিস্তানৰ সাধাৰ নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হৈছে। পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। ভোটদান পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬ বজাত ভোটদান সমাপ্ত হ’ব। ইয়াৰ সাধাৰণ নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্যৰো ভোটদান অনুষ্ঠিত হৈছে। বলুচিস্তান, সিন্ধে, আৰু খৈবৰ পখতুনখাকে ধৰি চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে। চাৰি ৰাজ্যত ১০ কোটি মানুহে ভোটাৰে ভোটদান কৰিব।
পাকিস্তান নেচনেল এচেম্বলিৰ মুঠ ৩৪২ খন আসন আৰু ইয়াৰে ২৭২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। ২৭২ খন আসনৰ ভিতৰত ৬০ খন মহিলাৰ বাবে সংৰক্ষিত আৰু ১০ খন সংখ্যালঘূৰ বাবে সংৰক্ষিত।নেচনেল এচেম্বলিৰ নিৰ্বাচনত ১৭১ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে।