নতুন দিল্লীঃ যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ কূটনৈতিক আৰু বাণিজ্যিক ব্যৱস্থাত থৰকাছুটি এৰিছে চুবুৰীয়া দেশখনে। 

দুয়ো দেশৰ মাজত দেখা দিয়া উত্তেজনা প্ৰশমিত কৰিবৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰিছে। পাকিস্তানৰ আশিসধন্য জইছ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান ছহিদ হৈছিল।

এই ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ উচ্চাযুক্তক তলব কৰাৰ লগতে ইছলামাবাদত থকা ভাৰতৰ উচ্চাযুক্তক দেশলৈ ঘূৰাই আনিছে। ইফালে এই আক্ৰমণৰ পাছত ভৰতে ইমান দিনে পাকিস্তানক দি থকা 'Most favourite nation’ মৰ্যাদা কৰ্তন কৰি দেশখনৰ সকলো সমগ্ৰীৰ ওপৰত ২০০ শতাংশ আবকাৰী শুল্ক আৰোপ কৰিছে৷

ভাৰতৰ এনে কঠোৰ সিদ্ধান্তৰ পাছত চুবুৰীয়া দেশখনক বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে সোমবাৰে ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধান এণ্ট’নিঅ’ গুটেৰেছলৈ এক পত্ৰ প্ৰেৰণ কৰি দুয়ো দেশৰ মাজৰ উত্তেজনা কম কৰিবৰ বাবে সহায় বিচাৰে৷ এই কথা সদৰী কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়৷

উল্লেখ্য যে ভাৰতে কাশ্মীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তৃতায় পক্ষৰ হস্তক্ষেপ নাকচ কৰি আহিছে আৰু এই সমস্যাটো ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিকভাৱে সমাধানৰ নীতি গ্ৰহণ কৰি আহিছে৷

সচিব-প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰখনত পাক মন্ত্ৰীজনে শংকা ব্যক্ত কৰে যে ভাৰতে সিন্ধু নদীৰ পানী ভাগ-বতোৱাৰা কৰা চুক্তিখন নাকচ কৰাৰ ইংগিত দিছে আৰু ই এক ডাঙৰ ভুল কৰা হ’ব৷

এই পত্ৰখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিতৰণ কৰিবলৈও পাকিস্তানৰ বৈদেশিক মন্ত্ৰীজনে সচিব-প্ৰধান এণ্ট’নিঅ’ গুটেৰেছক অনুৰোধ কৰে৷