newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান বুধবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। ভোটদান চলি থকৰা মাজতে পাকিস্তানৰ বলুচিস্তানৰ ক্ৰেটাত বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হয়।
বিস্ফোৰণত এতিয়ালৈ ১৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বোমা বিস্ফোৰণ সংঘটিত ঠাইত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আহত লোকসকলৰ হস্পিতালত ভৰ্তি কৰে আৰক্ষীয়ে। জানিব পৰা মতে, সেনা আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি এই কাণ্ড সংঘটিত কৰে।