71
বঙাইগাঁওঃ অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন, শক্তিকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পল্লৱলোচন দাসে বান পৰিস্থিতিৰ বুজ লবলৈ আজি বিয়লি বঙাইগাঁৱত পদাৰ্পন কৰে।
মন্ত্ৰীগৰাকীয়ে উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী, বিধায়কৰ সৈতে এখন বান পৰ্যালোচনা সভাত মিলিত হয়।