62
পাঞ্জাবাৰীঃ আন দিনাৰ দৰে আজিও এজাক বৰষুণতে জলমগ্ন হৈ পৰে মহানগৰীৰ পাঞ্জাবাৰী অঞ্চল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত ৰাজপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত যাতায়তৰ লগতে বিভিন্ন ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়াত পৰে সাধাৰণ জনতা।
মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা বছৰ বছৰ ধৰি হৈ থকাৰ পিছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ কাৰোৰে যেন সমাধান কৰাৰ সদিচ্ছা নাই। কৃত্ৰিম বানে বহুজনৰ প্ৰাণ লোৱাৰ পিছতো বিশেষ সাৱধানতা অৱলম্বন কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।