newsnextone.com | গুৱাহাটীঃ দেশ স্বাধীন হোৱাৰ পূৰ্বেই ভাৰতৰ ৰাজ্যসমূহত সংবাদ প্ৰতিষ্ঠান, সংবাদকৰ্মীৰ এক বিশেষ ভূমিকা আছিল৷ সমাজৰ পৰা অন্ধ বিশ্বাস দূৰ কৰা, অন্যায়-অবিচাৰ দুৰ কৰা, বাল্য বিবাহ ৰোধ কৰা, সাম্প্ৰদায়িক হিংসা ৰোধ কৰা আদি বিষয়ত সবল নেতৃত্ব তথা জনমত গঢ়াৰ বাবে কাম কৰিছিল৷ সেই সময়ত মুষ্টিমেয় সংবাদ প্ৰতিষ্ঠান আছিল যদিও জনগণৰ সৈতে জড়িত আছিল সংবাদ প্ৰতিষ্ঠান সমূহ৷ সংবাদ প্ৰতিষ্ঠান সমূহে জনগণৰ বাতৰিয়ে প্ৰকাশ কৰিছিল৷ ৰাজনীতিৰ পাশাখেলত বন্দী নাছিল সংবাদ প্ৰতিষ্ঠান সমূহ৷

তাৰ লগে লগে দেশে স্বাধীনতাৰ বাবে যুঁজ দি থকাৰ সময়ত জনমত গঢ়াত সকলোতকৈ বেছি সহায় কৰিছিল সংবাদ মাধ্যমে৷ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ আৰু বিভিন্ন প্ৰান্তৰ ক্ষেত্ৰীয় ভাষাৰ কাকত সমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ দেশ স্বাধীন হ’ল আৰু দেশত এখন চৰকাৰ গঠন হ’ল তাৰ লগে লগে আমোলাতন্ত্ৰ আৰু শাসক-বিৰোধীৰ ধাৰণা দেশত গঢ় ললে৷ গণতান্ত্ৰিক ব্যৱস্থাত শাসক আৰু বিৰোধী এটা মূদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে৷

দেশত অগণন ৰাজনৈতিক দলৰ জন্ম হ’বলৈ আৰম্ভ হ’ল৷ তাল লগে লগে ক্ষমতাৰ বাবে এখন অঘোষিত যুদ্ধ আৰম্ভ হ’ল দেশত৷ সমানে দুৰ্নীতি ভ্ৰষ্টাচাৰ, অনীতিয়ে গা-কৰি উঠিল৷ সমানে আমোলাতান্ত্ৰিক ব্যৱস্থা এটাও গা কৰি উঠিল৷ অন্যায়ৰ বিৰুদ্ধে মাত মতা মানুহৰ মুখ বন্ধ কৰিবলৈ আৰম্ভ কৰিলে এটা পক্ষই৷ সংবাদ মাধ্যমৰ মূখ বন্ধ কৰাৰ চেষ্টা আৰম্ভ হ’ল৷ দুৰ্নীতি, অবিচাৰ, দৰিদ্ৰতা, মানৱ অধিকাৰৰ হৈ মাত দিয়া মানুহক লক্ষ্য কৰি লোৱা হ’ল৷ কেৱল ক্ষমতাৰ স্বাৰ্থত আৰু এটা পক্ষৰ হাতত দেশৰ সকলো সম্পদৰ অধিকাৰ লৈ যোৱাৰ বাবে ষড়যন্ত্ৰ৷

পুঁজিপতিৰ হাতত ক্ষমতা নিয়াৰ বাবে দেশৰ সম্পদৰ নিয়ন্ত্ৰণ আৰু দৰিদ্ৰ শ্ৰেণীক লুণ্ঠন কৰাৰ বাবে বাট মুকলি কৰিলে এটা পক্ষই৷ শাসক যন্ত্ৰ, আমোলা আৰু পুঁজিপতিৰ বিৰুদ্ধে মাত মাতিলে নতুবা মানৱ অধিকাৰৰ কথা কলোৱা মানুহ সমূহ তেঁওলোকৰ বাবে হৈ পৰে শত্ৰু৷ যিসসূহ সংবাদ মাধ্যমে শাসক, আমোলা আৰু পুঁজিপতিৰ বিৰুদ্ধে মাত মাতিছিল তেনেলোকক হত্যা পৰ্যন্ত কৰিব আৰম্ভ কৰিলে৷ দেশত তেনে ঘটনা এটাৰ পিছত এটা সংঘটিত হৈছিল দেশে স্বাধীনতা লাভ কৰাৰ পিছত৷ 

অসমো তাৰ বিপৰীত নাছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বহাৰা, নিপীড়িত, দুৰ্নীতি, অবিচাৰৰ হৈ মাত মাতি নতুবা হাতত কলম তুলি লোৱা কেইবাগৰাকী লোকৰ অসমত প্ৰাণ গৈছে৷ তাৰ উদাহৰণ হৈছে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস। ১৯৯৬ চনৰ ১৭ মে’ত দুৰ্বত্তৰ গুলীত ৰাজ পথত ঢলি পৰিছিল পৰাগ কুমাৰ দাসে৷ পুত্ৰক চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত গুৱাহাটীৰ ৰাজগড়ত পথত গুলীয়াই হত্যা কৰিছিল দাসক৷ 

অসমৰ আগশাৰীৰ দৈনিক বাতৰিকাকত অসমীয়া প্ৰতিদিনৰ সম্পাদকৰ দায়িত্বত থকা পৰাগ কুমাৰ দাসে একেৰাহে অসমৰ মানুহৰ অধিকাৰ, মানৱধিকাৰ, সেনাৰ অত্যাচাৰ, ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ, অসমীয়া ডেকা-যুৱতীক অত্যাচাৰ, দুৰ্নীতি-ভ্ৰষ্টচাৰৰ বিৰুদ্ধে কলম চলাই গৈছিল৷ শাসন যন্ত্ৰৰ ৰোষত পৰা দাসে লিখি উলিওৱা গ্ৰন্থ পৰ্যন্ত নিষিদ্ধ কৰিছিল চৰকাৰে৷ 

গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰপৰা প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰি উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈছিল৷ ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। 

দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত বিশেষ সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ দিল্লীৰ স্কুল অৱ ইকনমিকছৰপৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। দিল্লীত দেশৰ বিভিন্ন প্ৰান্তৰ সংগ্ৰামী মানুহক লগ পাই প্ৰতিবাদী হৈ উঠিছিল দাস৷ সাংবাদিক, মানৱ অধিকাৰকৰ্মী পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেনচ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। 

মানৱ অধিকাৰৰ হৈ অসমত সংগ্ৰাম কৰা অসমৰ প্ৰথমগৰাকী লোক আছিল৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক নেতা গৰাকীয়ে এটা ভাল পদত চৰকাৰী চাকৰি কৰিও অৱশেষত চাকৰি এৰি সংবাদ মাধ্যম আৰু মানৱ অধিকাৰৰ কামত জড়িত হৈ পৰিছিল৷ ১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া, ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰৱন্ধক হোৱাৰ লগতে ১৯৯৫ চনত চাকৰিৰপৰা পদত্যাগ কৰি তেতিয়াৰ বহুল প্ৰচাৰিত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে যোগদান কৰে৷ 

১৯৬১ ২৪ ফেব্ৰুৱাৰী জন্ম গ্ৰহণ কৰা দাসে বাতৰি কাকতৰ সম্পাদক হোৱাৰ লগে লগে মানৱ অধিকাৰ কৰ্মী হোৱাৰ বাবেই চৰকাৰী যন্ত্ৰ, পুঁজিপতিৰ লুন্ঠনৰ ছবি খন তেওঁৰ কলমেৰে উদঙাই দিছিল৷ আগশাৰীৰ আলোচনী ‘প্ৰান্তিক’ অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত দি চেণ্টিনেলত নিয়মীয়া স্তম্ভ লিখিছিল৷ পৰাগ দাসে কেইবাখনো কাকতত কাম কৰে৷

অসমীয়া জাতিৰ হৈ কলম তুলি ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডা আইনত গ্ৰেপ্তাৰ পৰ্যন্ত হৈছিল। দাসে লিখা ‘স্বাধীনতাৰ প্ৰস্তাৱ’ নামৰ কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লভা গ্ৰন্থখন চৰকাৰে নিষিদ্ধ কৰে৷

অভিযোগ মতে, চৰকাৰী ৰোষত পৰিছিল পৰাগ কুমাৰ দাসে৷ তেওঁৰ কলমেৰে নিগৰা প্ৰতিবাদী সত্তাক ধ্বংস কৰিবৰ বাবে ৰাষ্ট্ৰ যন্ত্ৰৰ বলি হৈছিল৷ অসমীয়া জাতিৰ প্ৰাপ্তি, মুক্তিৰ বাবে সংগ্ৰাম কৰি যোৱাৰ অংগিকাৰ কৰি যোৱা পৰাগ কুমাৰ দাসে কেতিয়াও কাৰো সৈতে বুজাবুজি কৰা নাছিল৷ জাতীয় সত্তাৰ হকে কাম কৰি গৈছিল তেওঁ৷ যাৰ বাবেই তেওঁক হত্যা কৰা হৈছিল বুলি জনা যায়৷ কিন্তু কেইবাখনো চৰকাৰ সলনি হ’ল৷ পৰাগ কুমাৰ দাসৰ হত্যাকাৰী আজিলৈ ধৰা নপৰিল৷