newsnextone.com | গুৱাহাটীঃ দেশ স্বাধীন হোৱাৰ পূৰ্বেই ভাৰতৰ ৰাজ্যসমূহত সংবাদ প্ৰতিষ্ঠান, সংবাদকৰ্মীৰ এক বিশেষ ভূমিকা আছিল৷ সমাজৰ পৰা অন্ধ বিশ্বাস দূৰ কৰা, অন্যায়-অবিচাৰ দুৰ কৰা, বাল্য বিবাহ ৰোধ কৰা, সাম্প্ৰদায়িক হিংসা ৰোধ কৰা আদি বিষয়ত সবল নেতৃত্ব তথা জনমত গঢ়াৰ বাবে কাম কৰিছিল৷ সেই সময়ত মুষ্টিমেয় সংবাদ প্ৰতিষ্ঠান আছিল যদিও জনগণৰ সৈতে জড়িত আছিল সংবাদ প্ৰতিষ্ঠান সমূহ৷ সংবাদ প্ৰতিষ্ঠান সমূহে জনগণৰ বাতৰিয়ে প্ৰকাশ কৰিছিল৷ ৰাজনীতিৰ পাশাখেলত বন্দী নাছিল সংবাদ প্ৰতিষ্ঠান সমূহ৷
তাৰ লগে লগে দেশে স্বাধীনতাৰ বাবে যুঁজ দি থকাৰ সময়ত জনমত গঢ়াত সকলোতকৈ বেছি সহায় কৰিছিল সংবাদ মাধ্যমে৷ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ আৰু বিভিন্ন প্ৰান্তৰ ক্ষেত্ৰীয় ভাষাৰ কাকত সমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ দেশ স্বাধীন হ’ল আৰু দেশত এখন চৰকাৰ গঠন হ’ল তাৰ লগে লগে আমোলাতন্ত্ৰ আৰু শাসক-বিৰোধীৰ ধাৰণা দেশত গঢ় ললে৷ গণতান্ত্ৰিক ব্যৱস্থাত শাসক আৰু বিৰোধী এটা মূদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে৷