গুৱাহাটীঃ বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি পূৰ্বৰ ধাৰাৰে এইবাৰো প্ৰদান কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ২০২০ বৰ্ষৰ এই বঁটাৰে সন্মানিত কৰা হৈছে দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা বটা প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰে  বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনে। অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত কেবাগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থকা সভাখনত বৰবৰাক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে 'প্ৰান্তিক'ৰ সম্পাদক প্ৰদীপ বৰুৱাই। অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই।

পৰাগ কুমাৰ দাস আজিও প্ৰাসংগিক

অসমৰ সংবাদ ক্ষেত্ৰখনত আশীৰ দশকতে নৱ জোৱাৰ অনা সাংবাদিকগৰাকীয়ে হৈছে পৰাগ কুমাৰ দাস। ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ কুমাৰ দাসে শিক্ষা জীৱন আৰম্ভ কৰিছিল গুৱাহাটীত। অসমৰ সংবাদ জগতৰ নিৰপেক্ষ, নিৰ্ভীক,স্পষ্টবাদী বুলি পৰিচিত সাংবাদিকগৰাকীৰ অন্য এক পৰিচয়ো আছে। ১৯৮৪ চনত দিল্লীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে অসমলৈ উভতি আহি তেওঁ বেংকৰ বিষয়া হিচাপে কিছুদিন কাম কৰিছিল।

আশীৰ দশকৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত হৈ আছিল পৰাগ দাস। ১৯৮৯ চনতেই তেওঁ কেইজনমান যুৱকক লগত লৈ 'বুধবাৰ' কাকতখন আৰম্ভ কৰিছিল। সাংবাদিকতাৰ প্ৰতি থকা প্ৰৱল হাবিয়াসৰ বাবেই তেওঁ ১৯৯৫ চনত চৰকাৰী চাকৰি এৰি সক্ৰিয় সাংবাদিকতা আৰম্ভ কৰে। উক্ত বৰ্ষতে 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে যোগদান কৰে দাসে। 

সাংবাদিকতাৰ লগতে মানৱ অধিকাৰৰ হকেও কাম কৰিছিল দাসে। তেওঁৰ প্ৰতিটো লেখাই সেই সময়ৰ অসমৰ পটভূমিৰ বিভিন্ন ছবি ফুটাই তোলাৰ লগতে শাসক পক্ষৰ প্ৰতিটো দুৰ্নীতি উদঙাই দিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থ  ছাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি, নিষিদ্ধ কলমৰ পাতে পাতে স্পষ্ট হৈ আছে অসম আৰু অসমীয়াক লৈ থকা তেওঁৰ নিভাজ প্ৰেম, আন্তৰিকতা আৰু ভৱিষ্যত দৰ্শন। 

অন্যায়ৰ বিৰুদ্ধে সদা প্ৰস্তুত কলমটোৰ বাবেই আততায়ীৰ লক্ষ্য হৈ পৰে পৰাগ কুমাৰ দাস। ১৯৯৬ চনৰ ১৬ মে'ত  দিন-দুপৰতে গুৱাহাটীৰ ৰাজগড় পথত  আততায়ীৰ গুলীয়ে থকা-সৰকা কৰে নিৰ্ভীক সাংবাদিকগৰাকীক। পৰৱৰ্তী সময়ত চৰকাৰে এই হত্যাকাণ্ডৰ তদন্ত ঘোষণা কৰে যদিও আজি পৰ্যন্ত চিনাক্ত নহ'ল শ্বহীদ সাংবাদিকগৰাকীৰ হত্যাকাৰী।

চৰ-চাপৰিৰ লোকসকলৰ দুৰ্দশাৰ ছবিখন প্ৰথম তুলি ধৰিছিল পৰাগ কুমাৰ দাসে

আজিৰ বঁটা প্ৰদান অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন শৰ্মাই। এই বক্তৃতাত অধ্যাপক শৰ্মাই পৰাগ দাসৰ বিভিন্ন কৰ্মৰাজিৰ লগতে ৮০-৯০ৰ দশকৰ অসমৰ পৰিস্থিতি সম্পৰ্কে উল্লেখ কৰে।

পৰাগ দাসক এগৰাকী জাতীয়তাবাদী আখ্যা দি তেওঁ কয়, 'পৰাগ দাসক বহুতে অতি জাতীয়তাবাদী আখ্যা দিয়ে। মোৰ দৃষ্টিৰে তেওঁ এগৰাকী জাতীয়তাবাদী। অসমীয়াৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ একোটা জাতিসত্বাই নিজক বৰ্তাই ৰাখিবলৈ জাতীয়তাবাদী হোৱাৰ প্ৰয়োজনীয়তা আছে। মোৰ বোধেৰে পৰাগ দাসেই তেনে চিন্তাধাৰাকেই আকোঁৱালি লৈছিল। ৮০ ৰ দশকতে অসমীয়াত্বৰ সংজ্ঞা চিনাক্ত কৰা পৰাগ দাসৰ  চিন্তাৰ গভীৰতা নিশ্চয়কৈ কেনে পৰ্যায়ৰ আছিল অনুমেয়।' 

অধ্যাপক শৰ্মাই আৰু কয়, 'অসমৰ সংবাদ জগতৰ ভোটাতৰা দাসৰ সৃষ্টিৰাজিসমূহো সেই সময়ৰ অসমৰ পৰিস্থিতিক কেন্দ্ৰ কৰি আছিল। আমি এতিয়া কৰা অসমীয়াৰ সুত্ৰায়ন তেওঁ সেই কালতেই কৰি গৈছে। জাতিৰ প্ৰতিটো কথাক লৈ উদিগ্ন পৰাগ দাসৰ প্ৰতিটো প্ৰবন্ধ এই সময়তো প্ৰাসংগিক। অসমত প্ৰথম চৰ-চাপৰিৰ লোকসকলৰ দুৰ্দশাৰ ছবিখন প্ৰবন্ধ আকাৰে তুলি ধৰি ৰাইজক ভাবিবলৈ খোৰাক দিয়া দাসৰ অকাল মৃত্যু অসমৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনৰ বাবেও অন্যতম ক্ষতি। তেওঁৰ ওপজাদিনত তেওঁক সুৱৰিছো।"

তেওঁৰ সতীৰ্থসকলে অসমৰ সংবাদ জগতৰ একোগৰাকী  যোগ্য সাংবাদিকক প্ৰতি বছৰে ওপজা দিনটোত বঁটা  প্ৰদান কৰি অহাতো অতি প্ৰশংসনীয় বুলিও নিজৰ ভাষণত সদৰী কৰে অধ্যাপক শৰ্মাই। এই বঁটাৰ জৰিয়তে অসমৰ সংবাদক্ষেত্ৰখনক পৰাগ কুমাৰ দাসৰ আদৰ্শৰে আগবঢ়াই নিব পৰা যাব বুলিও অধ্যাপক শৰ্মাই আশা প্ৰকাশ কৰে। 

বিতোপন বৰবৰালৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ-২০২০

অসমৰ আগশাৰীৰ দৈনিক কাকত  'দৈনিক অসম'ৰ জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰা।  অসমৰ সংবাদ ক্ষেত্ৰখনত ১৯৮৬ চনৰ পৰাই নিষ্ঠাৰে কাম কৰি অহা বৰবৰাই আজিৰ সময়, অগ্ৰদূত, নতুন দৈনিককে আদি কৰি একাধিক সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সংবাদ সেৱা আগবঢ়াইছিল।

তিনিদশক কাল ধৰি সংবাদ সেৱা আগবঢ়াই অহা বৰবৰাই চলচ্চিত্ৰ শীৰ্ষক বিষয়টোক মূল বিষয় হিচাপে লৈ বুধবাৰৰ সময়ৰে পৰা বৰ্তমানো সুস্থ চলচ্চিত্ৰ শীৰ্ষক সমালোচনা আগবঢ়াই আহিছে। ভাল চিনেমা চোৱাৰ পৰম্পৰা গঢ়ি তোলাকে উদ্দেশ্য হিচাপে লৈ তেওঁ কাম কৰি অহাৰ বাবেই  মাজতে তেওঁ চিনে ছ'চাইটী নামৰ আন্দোলনটোতো অংশগ্ৰহণ কৰিছিল। আন্তৰাষ্ট্ৰীয় চলচিত্ৰ সমালোচকৰ এক ফেডাৰেচন হৈছে 'ফিফ্ৰেচকী'। তেওঁ এই সংস্থাটোৰো এজন সদস্য।

অসমবাসীক গৌৰৱান্বিত কৰা বৰবৰাই  ফিফ্ৰেচকিৰ সদস্য হিচাপে বহু কেইখন আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি বৰবৰাই এগৰাকী গল্পাকাৰ হিচাপেওঁ অসমৰ সাহিত্যজগতত নিজৰ স্থান অধিকাৰ কৰিছে। আজি পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ২০২০ বৰ্ষৰ বাবে আগবঢ়োৱা পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ গ্ৰহণ কৰি অভিভূত হৈ পৰে জ্যেষ্ঠ সাংবাদিকগৰাকী। বঁটা গ্ৰহণ কৰি পৰাগ কুমাৰ দাসৰ সান্নিধ্যৰ কথা স্মৰণ কৰাৰ লগতে বৰবৰাই কয় যে এই বটা প্ৰাপ্তিয়ে তেওঁক নিষ্ঠাৰে কৰ্মক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ বাবে সাহস প্ৰদান কৰিব।